VOICE 24x7
Tuesday, May 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
November 16, 2021
in সংস্কৃতি
অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি
0
SHARES
1.9k
VIEWS
Share on FacebookShare on Twitter

আদিম অৱস্থাত মানুহৰ মনত গহনা-গাঁঠৰি পৰিধান কৰাৰ মানসিকতা গঢ়ি উঠিছিল। এই অলংকাৰৰ জন্ম কাহিনী বৰ আমোদজনক। তেওঁলোকে আহাৰৰ কাৰণে চিকাৰ কৰি অনা জীৱ -জন্তুবোৰৰ নখ , পাখি , দাঁত ,ছাল আদি গাত ওলোমাই লবলৈ আৰম্ভ কৰিলে।বৃহৎ আৰু দুস্প্ৰাপ্য জীৱ -জন্তু বধ কৰাৰ আনন্দ আৰু গৌৰৱেৰে এনে কাৰ্য কৰি  বীৰত্ব প্ৰদৰ্শণ কৰিবলৈ লোৱা বুলি জানিব পৰা যায়। বিশ্বাস বা যাদু বিদ্যাৰ বাবে এনে কাৰ্য কৰা বুলি নৃতত্ত্ববিদ সকলে কব খোজে।

আমাৰ অসমীয়া সমাজতো গহনা – গাঁঠৰি পৰিধান কৰাৰ প্ৰথা অতি প্ৰাচীন কালৰে পৰা চলি আহিছে। পুৰণি কালত অসমীয়া সমাজত পুৰুষ-নাৰী উভয়ে অলংকাৰ পৰিধান কৰাৰ কথা বুৰঞ্জীত পোৱা যায়।

আমাৰ অসমীয়া সমাজত ব্যৱহৃত কিছুমান গহনা-গাঠৰি হ’ল–

লোকাপাৰ :–

চাৰিমুখীয়া পাৰ চৰাইৰ আৰ্হিত এইবিধ অলংকাৰ গঢ়া হয়। লোকাপাৰ মূলতো কাণৰ অলংকাৰ। লোকাপাৰ সোণৰ আৰু বাখৰ খটোৱা।উল্লেখযোগ্য যে আহোম স্বৰ্গদেউ সকলৰ দিনত ৰজা -আৰু ডা-ডাঙৰীয়া সকলে লোকাপাৰ পিন্ধিছিল।

কেৰু:–

কেৰু এবিধ সোণৰ অলংকাৰ। কেৰু দেখাত প্ৰায় পদুম ফুলৰ দৰে। কেৰুৰ পাহিবোৰত বাখৰ খটোৱা থাকে। আহোম যুগত ৰজা বা ডা -ডাঙৰীয়া সকলৰ তলতীয়া পুৰুষ সকলেহে কেৰু পিন্ধিছিল ।

মতামনি:-

মতামনি পুৰুষৰ অলংকাৰ। মতামনি সাধাৰণতে সোণৰ আৰু বাখৰেৰে গঢ়া হয়।মনিটোৰ ভিতৰখন ফোপোলা হয়।মতামনিৰ মাজে মাজে ৰঙা পোৱালমণিও গঠা থাকে।

মগৰদানা:-

মগৰদানা দেখাত মালাৰ দৰে যদিও সম্পূৰ্ণ মালা নহয়।দুয়ো মূৰে দুটা মগৰৰ মুখৰ আকৃতি থাকে বাকী  অংশত মাছৰ বাকলিৰ দৰে ফুল বচা থাকে। এইবিধ পুৰুষৰ অলংকাৰ।

গামখাৰু:-

সোণ আৰু ৰূপ উভয়েৰে গামখাৰু গঢ়া হয়। গামখাৰু হাতত পিন্ধা অলংকাৰ।গামখাৰুৰ মাজত শ’লা এডাল থাকে আৰু খুলিবৰ সময়ত শ’লাডাল খুলি ল’ব পাৰি।প্ৰাচীন কালত গামখাৰু পুৰুষ আৰু মহিলা উভয়ে পিন্ধিছিল যদিও পাছত গামখাৰু মহিলাৰ অলংকাৰ হিচাপে বিবেচিত হল।

দুগদুগী:-

দুগদুগী দেখাত পাণখিলাৰ দৰে।দুগদুগীৰ মাজত মিনা কৰা আৰু বাখৰ খটোৱা থাকে। এইবিধ নাৰীৰ অলংকাৰ।

জোনবিৰি আৰু বেনা :-

দেখিবলৈ কাঁচিজোনটোৰ দৰে। জোনবিৰিৰো মাজত মিনা কৰা বাখৰ পতোৱা থাকে। জোনবিৰি আৰু বেনা আকৃতিত  ডাঙৰ হলে তাক গেজেৰা বোলে।এইবোৰ মহিলাৰ অলংকাৰ।

মালামনি:-

সৰু সৰু সোণৰ মনিৰ বাখৰ পতোৱা মালাধাৰিকে মালামনি বোলে ।মনিটো মটৰ মাহটোৰ দৰে হলে তাক মটৰ মনিও বোলে।

চিতি পাতি:-

চিতিপাতি এবিধ মূৰত পিন্ধা মহিলাৰ গহনা।

কাণফুল:-

কাণফুল সাধাৰণতে সৰু ল’ৰা-ছোৱালীৰ কাণৰ গহনা।কাণফুল দেখাত পদুমফুলৰ দৰে। কেতিয়াবা কেৰুৰ আৰ্হিতো গঢ়া হয়।

গলপতা:-

গলপতা মহিলাই পিন্ধা ডিঙিৰ গহনা। গলপতাৰ দুয়োকাষে দুধাৰ মনি থাকে।

নাকফুল আৰু নলক:-

মহিলাই নাকত পিন্ধা অলংকাৰ। নাকত পিন্ধা গহনা দুবিধ।এবিধ নাক ফুল আৰু আনবিধ নলক।

আঙুঠি:-

আঙুঠি পুৰুষ -মহিলা উভয়ে হাতত পিন্ধা অলংকাৰ।বিভিন্ন গঢ়ৰ আঙুঠিৰ নামো বেলেগ বেলেগ।মোহৰপতা , বাখৰপতা , জেঠীনেজীয়া ,সোণপতা আঙঠি ইত্যাদি।

বাজু:-

পূৰ্বতে অসমীয়া নাৰীয়ে বাহুত বাজু পিন্ধিছিল।সোণ আৰু ৰূপেৰে গঢ়া বাজুৰ মাজ ভাগ ফোপোলা।

খাৰু আৰু পাজোপ:-

প্ৰাচীন কালত অসমীয়া নাৰীয়ে ভৰিত গহনা পিন্ধিছিল। এই গহনা দুবিধ।খাৰু আৰু পাজোপ।ৰূপেৰে গঢ়া খাৰুৰ মাজ ভাগ ফোপোলা আৰু সৰু সৰু শিল গুটি ভৰোৱা থাকে।খোজ কাঢ়িলে জুনুক জুনুক শব্দ হয়।

উঝান্তি বা উজান্তি:-

ভৰিৰ আঙুলিত পিন্ধা আঙুঠিক উঝান্তি বা উজান্তি বোলে।

অতীজৰে পৰা বৰ্তমান লৈকে পুৰুষ-মহিলা উভয়ে অলংকাৰ পৰিধান কৰি আহিছে। অলংকাৰ পিন্ধিলে দেখিবলৈ বেছি ধুনীয়া হয় বাবে মহিলাৰ মাজত অলংকাৰৰ ব্যৱহাৰ অধিক আৰু এই গহনাবোৰ ছোৱালী বা মহিলাৰ অতি মৰমৰ। আমি সকলোৱে অলংকাৰ পিন্ধি ধুনীয়া হৈ থকাৰ লগতে অসমৰ  আপুৰূগীয়া সম্পদবোৰ সংৰক্ষণ কৰি ৰাখিব লাগে কিয়নো এয়া আমাৰ ঐতিহ্য।

 

 

 

 

Previous Post

উত্তৰ-পূবৰ জোঁৱাই হ’ল বলিউড অভিনেতা ৰাজকুমাৰ ৰাও

Next Post

অধিবক্তা সমাজৰ দাবী পুৰণৰ বাবে চৰকাৰে লোৱা পদক্ষেপক আদৰণি উকীল সন্থাৰ

Related Posts

অসমীয়াৰ ঐতিহ্য জাপি
মুখ্য সংবাদ

অসমীয়াৰ ঐতিহ্য জাপি

April 27, 2023
দুৰাৰোগ্য ৰোগত আক্ৰান্ত কিংবদন্তি শিল্পী ‘চেলিন ডিয়ন’
সংস্কৃতি

দুৰাৰোগ্য ৰোগত আক্ৰান্ত কিংবদন্তি শিল্পী ‘চেলিন ডিয়ন’

April 11, 2023
চীনৰ ‘ফা-চিত’ আৰু অসমীয়াৰ ‘গামোচা’
সংস্কৃতি

চীনৰ ‘ফা-চিত’ আৰু অসমীয়াৰ ‘গামোচা’

April 6, 2023
মুম্বাইৰ বান্দ্ৰাত মুকলি কৰা হ’ল  নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰ , ২০০০ আসনযুক্ত এই কেন্দ্ৰত কি কি থাকিব ?
সংস্কৃতি

মুম্বাইৰ বান্দ্ৰাত মুকলি কৰা হ’ল নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰ , ২০০০ আসনযুক্ত এই কেন্দ্ৰত কি কি থাকিব ?

April 1, 2023
অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া “গজ উৎসৱ” উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে
সংস্কৃতি

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া “গজ উৎসৱ” উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

March 25, 2023
২৩মাৰ্চ ২০২৩ তাৰিখে  বিষ্ণু নিৰ্মলা ভৱনত  ‘চিত্ৰাংগদা’ আৰু ‘বৃহত্তৰ গুৱাহাটী মহিলা মঞ্চ সাংস্কৃতিক সংস্থা’ৰ  বিশেষ অনুষ্ঠান
সংস্কৃতি

২৩মাৰ্চ ২০২৩ তাৰিখে  বিষ্ণু নিৰ্মলা ভৱনত  ‘চিত্ৰাংগদা’ আৰু ‘বৃহত্তৰ গুৱাহাটী মহিলা মঞ্চ সাংস্কৃতিক সংস্থা’ৰ বিশেষ অনুষ্ঠান

March 24, 2023
Next Post
অধিবক্তা সমাজৰ দাবী পুৰণৰ বাবে চৰকাৰে লোৱা পদক্ষেপক আদৰণি উকীল সন্থাৰ

অধিবক্তা সমাজৰ দাবী পুৰণৰ বাবে চৰকাৰে লোৱা পদক্ষেপক আদৰণি উকীল সন্থাৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

May 30, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

May 30, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7