ভাৰত বিৰোধী আৰু ভুৱা তথ্য প্ৰচাৰ কৰাৰ অভিযোগত পুনৰ ৮টা ইউটিউব চেনেল নিষিদ্ধ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ এই চেনেলকেইটাৰ মুঠ দৰ্শকৰ সংখ্যা আছিল ১১৪ কোটিৰো অধিক ৷ নিষিদ্ধ কৰা ইউটিউব চেনেলসমূহৰ ভিতৰত ৭টা ভাৰতৰ আৰু এটা পাকিস্তানৰ পৰা পৰিচালনা কৰা হৈছিল ৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে সম্প্ৰচাৰ নিষিদ্ধ কৰা চেনেলসমূহে ভুৱা ভাৰত বিৰোধী তথ্য প্ৰচাৰ কৰি আহিছিল ৷ চেনেলসমূহে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, বৈদেশিক সম্পৰ্ক আৰু জনশৃংখলা সন্দৰ্ভত ভুল তথ্য প্ৰচাৰ কৰিছিল বুলি চৰকাৰে প্ৰকাশ কৰিছে। নতুনকৈ ৮ টা ইউটিউব চেনেল নিষদ্ধ কৰাৰ লগে লগে যোৱা বছৰৰ ডিচেম্বৰৰ পৰা নিষিদ্ধ কৰা মুঠ চেনেলৰ সংখ্যা ১০২টালৈ বৃদ্ধি পালে।