.গুজৰাটৰ উপকূলীয় অঞ্চলত পুনৰ বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰা হৈছে ৷ ভাৰতীয় কোষ্ট গার্ড আৰু গুজৰাট এণ্টি টেৰ’ৰিষ্ট স্কোৱাডৰ যুটীয়া অভিযানত সোমবাৰে জব্দ কৰা হৈছে ৭৭ কিল’গ্ৰাম হেৰ’ইন ৷ জব্দকৃত হেৰ’ইনৰ বজাৰ মুল্য হৈছে ৪০০ কোটি ৷ পাকিস্তানী মাছমৰীয়া নাওঁ আল হুছেইনীৰ পৰা এই ড্ৰাগছ জব্দ কৰা হৈছে ৷ এই নাওঁখনত থকা ৬জন মাছমৰীয়াকো গ্ৰেপ্তাৰ কৰা হৈছে ৷ তদন্তৰ বাবে এই নাওঁখন জাখাওলৈ অনা হৈছে ৷
ইয়াৰ পূর্বে যোৱা এপ্ৰিলত কচ্চৰ জাখাওত ৮ জন পাকিস্তানী নাগৰিকে এখন নাৱঁৰে কঢ়িয়াই অনা ৩০ কিল’গ্ৰাম হেৰ’ইন জব্দ কৰিছিল ৷ যাৰ মুল্য আছিল ১৫০ কোটি টকা ৷ তদুপৰি মৰবি জিলাৰ পৰা গুজৰাট এ টি এচে ৫০০ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিছিল ৷ তদুপৰি ডি আৰ আইয়ে কিছুদিন পূর্বে কচ্চৰ মুন্দ্ৰা বন্দৰত ২১০০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিল