আমেৰিকাত প্ৰচণ্ড ঠাণ্ডাই বিপর্যস্ত কৰিছে সাধাৰণ জনজীৱন ৷ সমগ্ৰ দেশতে তুষাৰপাতৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩১ জনলৈ বৃদ্ধি পাইছে ।দুৰ্যোগৰ সময়ত হাজাৰ হাজাৰ লোকৰ বাসগৃহত বিদ্যুৎ কর্তন কৰিব লগীয়া হৈছে ৷ যাৰ ফলত তেওঁলোকে অন্ধকাৰত দিন কটাবলগীয়া হৈছে ৷ কেতিয়াবা ৮ ফুট, কেতিয়াবা ১০ ফুট ডাঠ বৰফৰ তৰপ ৰাস্তাত জমা হৈছে। ইয়াৰ ফলত আমেৰিকাত বৰদিনৰ আনন্দ ম্লান পৰে ৷
আমেৰিকাৰ এই ভয়ংকৰ বৰফৰ ধুমুহাক ‘চাইক্ল’ন বোমা’ বুলি কোৱা হয়। ধুমুহাৰ ফলত দেশৰ বিভিন্ন প্ৰান্তত তাপমাত্ৰা ফ্ৰীজিঙৰ তলত ৪০ৰ পৰা ৪৫ ডিগ্ৰীলৈ হ্ৰাস পাইছে। পথসমূহৰ অৱস্থা এনেকুৱা হৈছে যে দুৰ্যোগ সঁহাৰি বাহিনীয়েও ভুক্তভোগীক উদ্ধাৰ কৰাত বাধাৰ সৃষ্টি কৰিছে।
বৰদিনৰ দিনা তুষাৰপাতৰ বাবে নাগৰিকক ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। সকলোকে যিমান পাৰি ঘৰৰ ভিতৰতে থাকিবলৈ কোৱা হৈছে। একেবাৰে প্ৰয়োজনীয় নহ’লে কাকো ৰাজপথলৈ ওলাই নাহিবলৈ পৰামর্শ দিয়া হৈছে ৷
আমেৰিকাত একেৰাহে ৫ দিন ধৰি বৰফৰ ধুমুহা চলি আছে। তুষাৰপাতৰ উপৰি ঠাণ্ডা বতাহে স্থানীয় ৰাইজক ক্ষতিগ্ৰস্ত কৰিছে। এই দুৰ্যোগৰ বাবে আমেৰিকাত কমেও ২ লাখ লোকে বিদ্যুৎ বিহীনভাৱে বৰদিন কটাবলগীয়া হয় ৷ বিদ্যুৎ সেৱা কেতিয়া স্বাভাৱিক হ’ব সেয়া এতিয়াও নিশ্চিত নহয় ৷কাৰণ বহু স্থানত বিজুলীৰ খুঁটাবোৰ বৰফৰ স্তৰত ডুব গৈছে। দেশৰ যাতায়ত ব্যৱস্থাও ব্যাহত হৈছে ।
ঠাণ্ডাৰ বাবে কেৱল নিউয়ৰ্কতে ১২ জন লোকৰ মৃত্যু হৈছে । মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।আমেৰিকাত বৰফৰ ধুমুহাৰ ফলত সৃষ্টি হোৱা এই পৰিস্থিতি আগতে কেতিয়াও হোৱা নাছিল। বিভিন্ন ক্ষেত্ৰত প্ৰশাসনে জাৰি কৰিছে জৰুৰীকালীন অৱস্থা।