অতিমাত্ৰা ভিৰ চম্ভালিব নোৱাৰাৰ বাবে ধন সংগ্ৰহ অনুষ্ঠানৰ সময়ত ৮৫ জন লোক য়েমেনত পদপিষ্ট হৈ মৃত্যু হয় ৷ বুধবাৰে য়েমেনৰ ৰাজধানী ছানাআৰৰ পুৰণি চহৰ অঞ্চলত সংঘটিত হয় এই ঘটনা । অতিমাত্ৰা ভিৰৰ বাবে ১৩ জন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। স্থানীয় এটা সংবাদ সংস্থাৰ মতে, স্থানীয় ব্যৱসায়ীসকলে ছানায়াৰ পুৰণি চহৰ অঞ্চলৰ এখন বিদ্যালয় চৌহদত আৰ্থিক সহায় আগবঢ়াবলৈ এক ধন সংগ্ৰহ অনুষ্ঠানৰ আয়োজন কৰে।
তাত বহুত মানুহ গোট খাই ধন সংগ্ৰহ কৰিছিল। সংবাদ সংস্থাটোৰ সূত্ৰই দাবী কৰিছে যে পুঁজি সংগ্ৰহৰ সময়ত কোনো ধৰণৰ পৰ্যাপ্ত ভিৰ নিয়ন্ত্ৰণ ব্যৱস্থা নাছিল। ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ বিদ্যালয়ৰ ভিতৰত গুলীচালনা কৰা হয়।
স্থানীয় এজন বাসিন্দাই দাবী কৰা মতে, গুলীচালনা কৰি থকাৰ সময়তে বিদ্যুতৰ তাঁৰত খুন্দা মাৰি বিস্ফোৰণ ঘটে। মানুহে নিজৰ জীৱন ৰক্ষাৰ বাবে দৌৰিবলৈ ধৰিলে। এই ঘটনাত ৮৫ জন লোক পদপিষ্ট হয় ৷ বাহিৰৰ পৰা কোনো লোক বিদ্যালয়ৰ ভিতৰলৈ যাতে সোমাব নোৱাৰে তাৰ বাবে বিদ্যালয়খনৰ দুৱাৰত তলা লগোৱা হৈছিল ৷
স্বৰাজ মন্ত্ৰালয়ৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ আব্দেল খালেক আল-আঘৰীয়ে কয় যে স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগ নকৰাকৈয়ে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানৰ আয়োজকসকলক জেৰা কৰা হ’ব বুলিও তেওঁ কয়।