VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ড্ৰাগছ সৰবৰাহ ৰোধৰ চেষ্টাঃ সকলো বন্দৰতে কণ্টেইনাৰ স্কেনাৰ আৰম্ভ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 20, 2023
in মুখ্য সংবাদ
ড্ৰাগছ সৰবৰাহ ৰোধৰ চেষ্টাঃ সকলো বন্দৰতে কণ্টেইনাৰ স্কেনাৰ আৰম্ভ
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

দুবছৰমান পূৰ্বে মুন্দ্ৰা বন্দৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ কেন্দ্রই দেশৰ সকলো বন্দৰতে ‘কণ্টেইনাৰ ‘স্কেনাৰ’ স্থাপন কৰিবলৈ আৰম্ভ কৰিছে। যাতে ড্ৰাগছৰ লগতে অবৈধ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক ধৰা পৰে।

 

বুধবাৰৰ পৰা দিল্লীত আৰম্ভ হৈছে দুদিনীয়াকৈ চলি থকা ড্ৰাগছবিৰোধী টাস্ক ফ’ৰ্চৰ ৰাষ্ট্ৰীয় সন্মিলন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্মিলন উদ্বোধন কৰে। তেওঁ কয়, ‘২০৪৭ চনৰ ভিতৰত দেশখনক ড্ৰাগছমুক্ত কৰাৰ পৰিকল্পনাৰে মোদী চৰকাৰে আগবাঢ়িছে।’ ৰাজনৈতিক মতানৈক্য পৰিহাৰ কৰি শ্বাহে এই লক্ষ্যত উপনীত হ’বলৈ সকলো ৰাজ্যকে একেলগে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয়- “ড্ৰাগছৰ সমস্যা দূৰ কৰিবলৈ আমি কঠোৰ হ’ব লাগিব। এই চক্ৰৰ মূল দোষী ড্ৰাগছ ব্যৱসায়ী আৰু ড্ৰাগছ সেৱন কৰা সকল ভুক্তভোগী। আমাৰ লক্ষ্য সেই চক্ৰটো ভাঙি পেলোৱা। বহুক্ষেত্ৰত পিতৃ-মাতৃয়ে পৰিয়ালৰ আৰু সামাজিক লাজৰ ভয়ত সন্তানৰ ড্ৰাগছ আসক্তি স্বীকাৰ কৰিবলৈ বা সন্তানক নিচামুক্তিলৈ পঠিয়াবলৈ দ্বিধাবোধ কৰে। শেষত শিশুৰ ক্ষতি হয়।“

 

ভাৰত বিশ্বৰ দুটা প্ৰধান ড্ৰাগছ সৰবৰাহৰ পথৰ ভিতৰত এটা পথত অৱস্থিত। এফালে ইৰাণ-আফগানিস্তান আৰু পাকিস্তান। যাক কোৱা হয় ‘গোল্ডেন ক্ৰেচেণ্ট’। ম্যানমাৰ, থাইলেণ্ড আৰু লাওছৰ সৈতে ‘গল্ডেন ট্ৰায়েংগল”’।  গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ এক শীৰ্ষ সূত্ৰই জনাইছে যে ভাৰতে সেই অঞ্চলসমূহক ক্ৰমে ‘ডেথ ক্ৰেচেণ্ট’ আৰু ‘ডেথ ট্ৰায়েংগল’ বুলি ক’বলৈ আৰম্ভ কৰিছে। যিটো আন দেশে মানি লৈছে।

 

যোৱা কেইবছৰমানৰ পৰা দেশৰ পশ্চিম সীমান্তৰ কেইবাটাও বন্দৰত বিশেষকৈ গুজৰাটৰ মুন্দ্ৰা বন্দৰত ৩০০০ কিলোগ্ৰাম ড্ৰাগছ  ধৰা পৰিছিল। কিন্তু প্ৰতিটো ক্ষেত্ৰতে কণ্টেইনাৰ নিৰ্বাচন কৰি পৰীক্ষা কৰাটো সম্ভৱ নহয়। সেই সমস্যাৰ পৰা হাত সাৰিবলৈ কেন্দ্ৰই এটা বন্দৰত আনলোড কৰা সকলো কণ্টেইনাৰ স্কেন কৰিবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। ড্ৰাগছৰ উপৰিও এই স্কেনাৰে অস্ত্ৰ-শস্ত্ৰ বা মানৱ সৰবৰাহ ধৰা পেলাব পাৰে। সূত্ৰৰ মতে, পৰীক্ষামূলক ভিত্তিত কিছুমান প’ৰ্টত এই স্কেনাৰৰ ব্যৱহাৰ আৰম্ভ হৈছে। অনাগত দিনত স্থল বন্দৰসমূহত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব।

Previous Post

য়েমেনত ধন সংগ্ৰহ অনুষ্ঠানত গুলীচালনা,পদপিষ্ট হৈ মৃত্যু ৮৫ জন লোকৰ

Next Post

ছেছন আদালততো ৰেহাই নাপালে ৰাহুল গান্ধীয়ে,বন্ধ হ’ল সাংসদ পদ ঘুৰাই পোৱাৰ পথ

Related Posts

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী
মুখ্য সংবাদ

মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

September 22, 2023
Next Post
ছেছন আদালততো ৰেহাই নাপালে ৰাহুল গান্ধীয়ে,বন্ধ হ’ল সাংসদ পদ ঘুৰাই পোৱাৰ পথ

ছেছন আদালততো ৰেহাই নাপালে ৰাহুল গান্ধীয়ে,বন্ধ হ’ল সাংসদ পদ ঘুৰাই পোৱাৰ পথ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7