বৃহস্পতিবাৰে মালদ্বীপৰ ৰাজধানী মালেত সংঘটিত হয় এক শোকাৱহ অগ্নিকাণ্ড ৷ বিদেশী শ্ৰমিকৰ বাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত কমেও ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। অৱসৰ বিনোদনৰ বাবে পর্যটকৰ অন্যতম আকর্ষণস্থলী দ্বীপপুঞ্জটোৰ ৰাজধানীখন বিশ্বৰ অন্যতম ঘন জনবসতিপূৰ্ণ চহৰ।
বিষয়াসকলে জনোৱা মতে বাহন মেৰামতি কৰা গেৰেজৰ পৰা উৎপত্তি হোৱা অগ্নিকাণ্ডত ভস্মীভূত হোৱা এটা অট্টালিকাৰ ওপৰৰ মহলাৰ পৰা ১০টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।এই জুই নিৰ্বাপন কৰিবলৈ প্ৰায় চাৰি ঘণ্টা সময়ৰ প্ৰয়োজন হয় ৷ এজন নিৰাপত্তা বিষয়াই জনোৱা মতে, নিহতসকলৰ ভিতৰত ৯ জন ভাৰতীয় আৰু এজন বাংলাদেশৰ নাগৰিক আছে।
মালদ্বীপস্থিত ভাৰতীয় উচ্চায়ুক্তই এই কৰুণ অগ্নিকাণ্ডত নিহতসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। এক টুইটত উচ্চায়ুক্তই কয় – “মালেত সংঘটিত হোৱা মৰ্মান্তিক অগ্নিকাণ্ডত ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুওৱাত আমি গভীৰভাৱে দুখী হৈছো ৷ আমি মালদ্বীপ কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ যোগাযোগত আছো।”
বিদেশী শ্ৰমিকসকলৰ বাবে শোচনীয় ব্যৱস্থাপনাক লৈ চৰকাৰক সমালোচনা কৰিছে মালদ্বীপৰ ৰাজনৈতিক দলসমূহে। মালেৰ ২ লাখ ৫০ হাজাৰ জনসংখ্যাৰ প্ৰায় আধা সংখ্যকেই বহিৰাগত ৷ বেছিভাগে লোকেই বাংলাদেশ, ভাৰত, নেপাল, পাকিস্তান আৰু শ্ৰীলংকাৰ।
ক’ভিড মহামাৰীৰ সময়ত তেওঁলোকৰ দুর্বিষহ জীৱন-যাপনৰ অৱস্থা পোহৰলৈ আহিছিল যেতিয়া স্থানীয় লোকৰ তুলনাত বিদেশী শ্ৰমিকৰ মাজত সংক্ৰমণ তিনিগুণ বেছি দ্ৰুতগতিত বিয়পি পৰিছিল।