বিগত চাৰি মাহৰো অধিক কালজুৰি মণিপুৰত উত্তপ্ত পৰিস্থিতি অব্যাহত আছে ৷ ইয়াৰ মাজতে শুকুৰবাৰে মণিপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে যোৱা চাৰি মাহৰ হিংসাত্মক পৰিস্থিতিত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭৫ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ৯৬জন নিহত লোকৰ মৃতদেহ চিনাক্ত কৰিব পৰা নগ’ল। আহত হৈছে ১,১১৮ জন। সাম্প্ৰদায়িক হিংসাত ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা ৩৩ জন লোক নিৰুদ্দেশ হৈছে। আৰক্ষীৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে সাম্প্ৰদায়িক হিংসাৰ সময়ত মুঠ ৫১৭২টা অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ ভিতৰত ৪৭৮৬ টা ঘৰ আৰু কাৰ্যালয়ৰ লগতে ৩৮৬ টা উপাসনাস্থলী আছে। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীৰ তালাচী অভিযানৰ সময়ত ৩৬০টা বাংকাৰ ধ্বংস হয়।
কিন্তু হিংসাত্মক মণিপুৰত লুণ্ঠন কৰা চৰকাৰী অস্ত্ৰ-শস্ত্ৰক লৈ আৰক্ষী-প্ৰশাসনৰ নিদ্ৰাহৰণ হৈছে ৷ মণিপুৰত ৩ মে’ৰ পৰা আৰম্ভ হোৱা ধাৰাবাহিক হিংসাত্মক ঘটনাত বিভিন্ন থানা আনকি জিলা আৰক্ষীৰ অস্ত্ৰভাণ্ডাৰৰ পৰাও ৫৬৬৮টা আগ্নেয়াস্ত্ৰ আৰু প্ৰায় ৫ লাখ গুলী লুটপাত হয়। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি উদ্ধাৰ হৈছে ১,৩২৯টা আগ্নেয়াস্ত্ৰ আৰু ১৫,৫০০ কাৰ্টিজ। ৪০০টা বোমাও জব্দ কৰা হয়। মণিপুৰ আৰক্ষীয়ে এই নিৰুদ্দেশ হোৱা আগ্নেয়াস্ত্ৰক ৰাজ্যৰ শান্তি ঘূৰাই অনাৰ পথত এক ডাঙৰ বাধা বুলি গণ্য কৰে। এনে পৰিস্থিতিত মেইটেই আৰু কুকি অধ্যুষিত অঞ্চলত ১২৮টা চেক প’ষ্ট স্থাপন কৰি কঠোৰ চোৰাংচোৱাগিৰি আৰম্ভ কৰা হৈছে। এই পৰিৱেশত মেইটেইসকলে দাবী কৰে যে মিশ্ৰিত জনসংখ্যাৰ অঞ্চলসমূহত অশান্তিৰ নতুন পৰিৱেশ আহিব পাৰে বুলি আশংকা কৰা হৈছে ৷
প্ৰসংগক্ৰমে আগষ্ট মাহত মণিপুৰৰ ৪০ জন মেইটেই বিধায়কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ প্ৰেৰণ কৰা এখন পত্ৰত অসম ৰাইফলছৰ সলনি মণিপুৰত ‘বিশ্বাসযোগ্য নিৰাপত্তা বাহিনী’ মোতায়েন কৰাৰ দাবী জনাইছিল। মণিপুৰৰ হিংসাৰ প্ৰাৰম্ভিক দিনৰে পৰা আছাম ৰাইফলছ বাৰে বাৰে বিতৰ্কত সোমাই পৰিছে ৷