এনে এখন চহৰ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি আকৌ শোৱা পাটিলৈ যোৱা পৰ্যন্ত য’লো সকলো থাকে একেখন চালিৰ তলত । সকলোৱে একেখন দোকানলৈ যায় , একেজন চিকিৎসকৰ ওচৰত চিকিৎসা কৰে আৰু প্ৰয়োজনত একেখন পাব বা ৰেষ্টুৰাণ্টলৈকে যায় এইখন চহৰৰ বাসিন্দা সকল । আচৰিত যেন লাগিলেও সঁচা যে এটা বৃহৎ অট্টালিকাত একেলগে বাস কৰে এই চহৰৰ লোক সকল। তেওঁলোকৰ উপাসনাৰ স্থল, কাৰ্য্যালয় নাইবা প্ৰয়োজনীয় সকলো সুবিধা উপলব্ধ তেওঁলোকে বাস কৰা এই অট্টালিকাটোৰ ভিতৰতে। মনোৰঞ্জনৰ বাবে আছে এটা ক্লাবো।
সমগ্ৰ চহৰখনৰ বাবে এইখিনিয়েই একমাত্ৰ বাসযোগ্য স্থান। সেয়েহে প্ৰায় সকলো লোকেই আহি খোপনি পুতিছে এই অট্টালিকাটোতে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কাৰ এই চহৰখনৰ নাম হুইটিয়াৰ ।
চৌপাশে সুউচ্চ পবৰফাবৃৃত পৰ্বতমালাৰে অট্টালিকাটো দেখিলেই ৰৈ যায় সকলো ।হুইটিয়াৰৰ ১৪মহলীয়া এই অট্টালিকাটোৰ নাম ‘বাগিচ টাৱাৰ’। হঠাৎ দেখা পালে এখন হোটেল যেন লাগিলেও ই প্ৰকৃততে এখন চহৰ হে ।৮০বছৰীয়া এই অট্টালিকাটোেৰ এটা ভিডিঅ’প্ৰকাশ কৰি বিশ্ববাসীক চহৰখনৰ বিষয়ে সবিশেষ জনাইছিল চহৰখনৰে এগৰাকী যুৱতী ভেনেসাই । ভিডিঅ’টোৰ যোগেদি তেওঁ জানিবলৈ দিয়া মতে তেওঁলোকৰ চহৰখনৰ মুঠ বাসিন্দা ৩১৮জন ।১৯৬৪চনত হোৱা এটা ডাঙৰ ভূমিকম্পৰ পিছতেই বহুলোক এই ঠাইৰ পৰা স্থানান্তৰিত হয়। বৰ্তমান চহৰখনত মাত্ৰ এটাই বাসোপযোগী ঠাই আৰু তাতেই সকলোৱে বাস কৰে । অৱশ্যে ভেনেচাই ভিডিঅ’টোত কোৱা মতে সকলো যাৱতীয় সা-সুবিধা বাগিচ টাৱাৰতেই উপলব্ধ যদিও মনোৰঞ্জনৰ বাবে তেওঁলোক মাজে মাজে এটা হ্ৰদলৈ ব’টিং কৰিবলৈ যায়। আনহাতে বৰফৰ চহৰখনত মাজে মাজে স্কীইং কৰিও মনোৰঞ্জন কৰে চহৰবাসীয়ে। অৱশ্যে তেওঁলোকৰ এটাই মাত্ৰ দুখ যে এই চহৰত নাই প্ৰেম কৰাৰ সুবিধা। কাৰণ ভেনেচাই কোৱাৰ দৰে একেলগে একেটা ঘৰতে ভাতৃ-ভগ্নীৰ দৰে ডাঙৰ দীঘল হোৱা এই চহৰৰ যুৱক-যুৱতীসকলে এজনে আনজনক প্ৰেমিক বুলি ভাবিবলৈ বা প্ৰেমৰ বাবে নিজকে মানসিক ভাৱে প্ৰস্তুত কৰিবলৈ অসুবিধা ।