ক্ৰমাৎ অর্থনৈতিক দুৰৱস্থাৰ দিশে গতি লৈছে পাকিস্তান ৷ পেকেজিং নোহোৱা গাখীৰৰ মূল্য এতিয়া প্ৰতি লিটাৰত ২১০ টকালৈ বৃদ্ধি পাইছে দেশখনত । অৰ্থাৎ ভাৰততকৈ দেশখনত বৰ্তমান গাখীৰৰ দাম প্ৰায় পাঁচগুণ। সংকটগ্ৰস্ত পাকিস্তানত, অন্যান্য সামগ্ৰীৰ দাম আকাশলংঘী হৈছে, ৷ নাগৰিকে নিজৰ সন্তানৰ বাবে গাখীৰ কিনিবলৈ হাহাকাৰ কৰিছে। পাকিস্তানতেই দেশৰ অভিজাত শ্ৰেণীয়ে বিদেশী কফি কেফেটেৰিয়াত দামী কফি খাবলৈ শাৰী পাতি থকা দেখা গৈছিল।
বিগত কেইমাহমানৰ পৰা আৰ্থিক সংকটৰ সন্মুখীন হৈছে পাকিস্তান। দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দাম বাবৃদ্ধি হৈছে । তাৰ লগে লগে প্ৰতিদিনে কমেও ৩০-৪০ টকাকৈ খাদ্যৰ দাম বাঢ়িছে। উদাহৰণস্বৰূপে, মঙলবাৰে কুকুৰাৰ মাংসৰ মূল্য প্ৰায় ১৩০ টকা বৃদ্ধি পাই প্ৰতি কেজিত ৭০০-৭৮০ টকা হয়। হাড়বিহীন মাংসৰ দাম বেছি। মঙলবাৰে প্ৰতি কেজিত ১০০০-১১০০ টকাৰ হাৰত বিক্ৰী কৰা হয়। দুদিনত গাখীৰৰ মূল্যও প্ৰতি লিটাৰত ৩০ টকা বৃদ্ধি পাইছে যদিও পাকিস্তান ডেইৰী ট্ৰেডাৰ্ছ এছ’চিয়েশ্যনে প্ৰকাশ কৰিছে যে যদি গাখীৰ বিক্ৰেতা আৰু পাইকাৰী বিক্ৰেতাই মূল্য হ্ৰাস নকৰে তেন্তে বুধবাৰে গাখীৰৰ মূল্য ২২০ টকালৈ বৃদ্ধি পাব পাৰে। ইয়াৰ বিপৰীত ছবি দেখা গ’ল লাহোৰত নতুনকৈ খোলা বিদেশী ব্ৰেণ্ডৰ কেফেটেৰিয়া আউটলেটত ৷ কফি খাবলৈ দীঘলীয়া শাৰী দেখা যায় ৷ য’ত একাপ সৰু কফিৰ দাম ৩৫০ টকাৰ পৰা আৰম্ভ হৈ ৬৫০ টকালৈকে নির্ধাৰণ কৰা হৈছে । একাপ ডাঙৰ কফিৰ দাম ৪৫০ টকাৰ পৰা ৮০০ টকা। কফিৰ মানদণ্ড অনুসৰি দাম সলনি হয়।