জন্মৰ হাৰ বৃদ্ধিৰ বাবে চীন চৰকাৰে লৈছে নতুন পদক্ষেপ। বিবাহ উপলক্ষে চীন চৰকাৰে ঘোষণা কৰিলে ৩০ দিনৰ দৰমহাযুক্ত ছুটী। অৱশ্যে এই সুবিধা চীনৰ গনছু আৰু ছানছি নামৰ দুখন প্ৰদেশত উপলব্ধ হ’ব। চৰকাৰী সূত্ৰৰ মতে, নৱবিবাহিত দম্পতীক সন্তান জন্ম দিয়াৰ বাবে উৎসাহিত কৰাৰ বাবেই এনেধৰণৰ সুবিধা ঘোষণা কৰা হৈছে।
সাধাৰণতে বিবাহৰ বাবে সেই দেশত মাত্ৰ ৩ দিনৰ ছুটী আবণ্টন দিয়া হৈছিল। কিন্তু এতিয়াৰ পৰা চীনৰ উত্তৰ-পশ্চিম গানছু আৰু ছানছি প্ৰদেশৰ কর্মচাৰীসকলে ৩০ দিনৰ ছুটী লাভ কৰিব। কেৱল সেয়াই নহয়, তেওঁৰ দৰমহা কৰ্তন কৰিব নোৱাৰি। ইয়াৰ উপৰিও চাংহাই প্ৰদেশৰ কর্মচাৰীসকলে ১০ দিনৰ ছুটী লাভ কৰিব। ইয়াৰ বাহিৰে আন কোনো প্ৰদেশৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব।
চীনৰ চাউথৱেষ্টাৰ্ণ ইউনিভাৰ্চিটি অৱ ফাইনেন্স এণ্ড ইকনমিক্সৰ সামাজিক উন্নয়নৰ গৱেষক ইয়াং হাইয়াঙে কয় যে জন্মৰ হাৰ বৃদ্ধিৰ এটা ফলপ্ৰসূ উপায় হ’ল বিবাহৰ বাবে ছুটীৰ পৰিমাণ বৃদ্ধি কৰা।
বিগত ৬০ বছৰৰ ভিতৰত চীনৰ জনসংখ্যা দ্ৰুতগতিত প্ৰথমবাৰৰ বাবে হ্ৰাস পাইছে । ১৯৮০ চনৰ পৰা ২০১৫ চনলৈ চীন চৰকাৰে এক সন্তান নীতিৰ ওপৰত জোৰ দিছিল। কিন্তু ২০২২ চনত সেই জন্মৰ হাৰ ৬.৭৭ শতাংশলৈ হ্ৰাস পায়। ইয়াৰ ফলত দেশৰ বিত্তীয় আন্তঃগাঁথনিত যথেষ্ট প্ৰভাৱ পৰিব পাৰে বুলি বিশেষজ্ঞসকলে মতপোষণ কৰি আহিছে ।