ঋতু পৰ্ণ শৰ্মা,নগাঁও,১৩মে’:– ২০২৪ বৰ্ষত অসম সাহিত্য সভাৰ মধ্যকালীন অধিবেশনখনি নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী বাৰপূজীয়াত অনুষ্ঠিত হ’ব । এই অধিবেশনৰ বাবে আহ্বায়ক বাৰপূজীয়া শতদল শাখা সাহিত্য সভাই নগাঁও,মৰিগাঁও আৰু হোজাই জিলাৰ সহযোগিতাত পৰ্যায় ক্ৰমে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে আদৰণি সমিতি গঠনৰ দিশে আগবাঢ়িছে । প্ৰস্তুতি সভাৰ পৰামৰ্শ আৰু অসম সাহিত্য সভাৰ নিৰ্দেশানুযায়ী অহা ১৪ মে’, দেওবাৰে এখনি ৰাজহুৱা সভা আহ্বানৰ দিন ধাৰ্য কৰা হৈছে ।
বাৰপূজীয়া সাৰ্বজনীন দৌল মন্দিৰ প্ৰাংগণত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিতব্য এই সভাতেই আগন্তুক বাৰপূজীয়া অধিৱেশন-২০২৪খনি সফল ৰূপায়ণৰ বাবে আদৰণি সমিতি গঠন কৰা হ’ব বুলি শাখাৰ সভাপতি ডাঃ প্ৰদীপ কুমাৰ ডেকাই এক বিজ্ঞপ্তিত জানিবলৈ দিয়ে ।এই ক্ষেত্ৰত সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে শাখা সাহিত্য সভাই । তদুপৰি সেইদিনা অনুষ্ঠিত হ’ব লগা সাধাৰণ সভাত সাহিত্য প্ৰেমীৰ লগতে সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে ।