VOICE 24x7
Friday, September 22, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুৰুজনাৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱাত অসম জাতীয় মহাসভাৰ স্বাস্থ্য কল্যাণ অভিযান আৰম্ভ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 13, 2023
in মুখ্য সংবাদ
গুৰুজনাৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱাত অসম জাতীয় মহাসভাৰ স্বাস্থ্য কল্যাণ অভিযান আৰম্ভ
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,১৩মে’:– গুৰুজনাৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱা থানৰ নৈমিত্তিক নাম-প্ৰসংগৰে সেৱায়িত ভকতৰ বাবে শুকুৰবাৰে আৰম্ভ হ’ল স্বাস্থ্য কল্যাণ অভিযানৰ । অসম জাতীয় মহাসভাৰ উদ্যোগত অসম স্বাস্থ্য সেৱা সমবায় সমিতি আৰু বটদ্ৰৱাৰ থান পৰিচালনা সমিতিৰ যুটীয়া সহযোগত বটদ্ৰৱা থানৰ নিত্য নৈমিত্তিক নাম-প্ৰসংগত নিমজ্জিত ২৫ গৰাকী ভকত-বৈষ্ণৱৰ বাবে আৰম্ভ হয় এই স্বাস্থ্য কল্যাণ অভিযানৰ । বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰৰ পৰ্যটন নিৱাসত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই স্বাস্থ্য কল্যাণ অভিযান শুভাৰম্ভ কৰে অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ অধ্যক্ষ ডাঃ জয়ন্ত বিশ্ব শৰ্মাই ।অসম জাতীয় মহাসভাৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত উপস্থিত থাকি অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্ৰদীপ হাজৰিকাই সংকটপূৰ্ণ অৱস্থাত থকা অসমৰ সত্ৰ সমূহৰ অৱক্ষয় বৰ্ণনা দিয়ে । তেওঁ লগতে জাতি মৃত্যুৰ মুখলৈ গৈ আছে,জাতি বচাবলৈ আন্দোলন কৰিলে নহ’ব । জাতিটোৰ ভাষা,কৃষ্টি সংস্কৃতি, সভ্যতা জীয়াই থকা মূল ক্ষেত্ৰৰ অৱস্থা কোনো মানুহে আজিলৈকে ভাবি চোৱা নাই । ৫০০ একৰ মাটিত আছিল বটদ্ৰৱাৰ ৰামপুৰ সত্ৰ। তাৰে ২৫৭ বিঘা মাটি আছিল সত্ৰৰ নিজৰ। কিন্তু সম্প্ৰতি ৰামপুৰত এতিয়া সত্ৰ নাই ।

তাত গুৰুজনে অধ্যয়ন কৰা মহেন্দ্ৰ কন্দলি সংস্কৃতি টোলখনৰো অস্তিত্ব নাই । ১৯৬৬ চনত সেই ভূমি উদ্ধাৰৰ বাবে বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰে গোচৰ তৰিলে কিন্তু ৰহস্যজনকভাৱে ন্যায় নাপালে। হাজৰিকাই লগতে উল্লেখ কৰি কয় যে ৰোগ হোৱাৰ আগতে তাৰ প্ৰতিৰোধ কৰাৰ প্ৰয়োজন । অসম জাতীয় মহাসভাৰ সম্পাদক হৰেকৃষ্ণ তালুকদাৰ আৰু সাংগঠনিক সম্পাদক ইন্দ্ৰমোহন বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত অসম জাতীয় মহাসভাৰ তৰফৰ পৰা চিকিৎসা বিজ্ঞানী,সমাজ বিজ্ঞানী ডাঃ জয়ন্ত বিশ্ব শৰ্মাক “নৰতনু অনুপাম” বঁটা,বিধায়ক প্ৰদীপ হাজৰিকাক “সত্ৰ বন্ধু” বঁটা আৰু ড° সাৱড়মল সিংহানিয়াক “ড° বাণীকান্ত কাকতি ভাষা বিকাশ” বঁটা প্ৰদান কৰা হয় । ভাষণ প্ৰসংগত ডাঃ জয়ন্ত বিশ্ব শর্মাই কয় যে অকল ৰোগৰ চিকিৎসা কৰি সুস্থ সমাজ গঢ়িব নোৱাৰি, আমি ৰোগ প্ৰতিৰোধ কৰিব লাগিব । ৰোগ হ’বলৈ দি চিকিৎসা কৰাতকৈ,আগতিয়াকৈ ৰোগৰ প্ৰতিৰোধ কৰাটো বুধিয়কৰ কাম বুলি মন্তব্য কৰে । ড° শৰ্মাই লগতে সভাতে অসমৰ একাংশ চিকিৎসকক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে চিকিৎসকসকলে কমিচন খাই। এই দুৰমতি চিকিৎসকসকলৰ কিয় হৈছে ? মই বুজি নাপাওঁ। এইটো মুকলিকৈ ক’ব পাৰো কাৰণ মোৰ হাতত প্ৰমাণ আছে । আজিলৈকে কোনো চিকিৎসকে মোক প্ৰত্যাহ্বান জনোৱা নাই । চিষ্টেমটোতে এটা বিসংগতি সোমাইছে । ধেমেলীয়া সুৰেৰে ড° শৰ্মাই কয় যে আমাৰ চিকিৎসকৰ পাঠ্যপুথি বিলাকত কেলেই এটা অধ্যায় কেলেই সোমাৱা নাই ? মই আচৰিত হৈছোঁ এইটো হৈছে,কেনেকৈ কমিচনৰ ধন কোনেও নজনাকে,ভদ্ৰতাৰ মুখা পিন্ধি আদায় কৰিব পাৰি।
মণিকাঞ্চন বিশ্বায়ন জ্ঞান জ্যোতি গৱেষণা কেন্দ্ৰৰ ৰূপৰেখাৰ আধাৰত বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰৰ পৰ্যটন নিৱাসত সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ পৌৰহিত্যত আয়োজিত অনুষ্ঠানটিত অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ পৰামৰ্শদাতা মাধৱ শৰ্মা, অতুল দাস,অসম জাতীয় মহাসভাৰ মহিলা কোষৰ অধ্যক্ষা স্বৰ্ণলতা পেগু,সাংস্কৃতিক সচিব সমীৰ ৰঞ্জন গোস্বামী,অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ প্ৰশাসনিক কাৰ্যবাহক সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য,কাৰ্যকৰ্তা পুলিন বৰুৱা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত,সাধাৰণ সম্পাদক অৰূপ কুমাৰ শইকীয়া,বিশিষ্ট সত্ৰীয়া শিল্পী ৰঞ্জিত মহন্ত,অধ্যাপক নৱ কুমাৰ মহন্ত,সমাজকৰ্মী অতুল মহন্তকে আদি কৰি বটদ্ৰৱা থানৰ হাটীবহাৰ কেৱলীয়া ভকত,থানৰ ভকত বৈষ্ণৱ,স্থানীয় ৰাইজ সকল উপস্থিত থাকে ।

Previous Post

ৰবিবাৰে সাহিত্য সভাৰ বাৰপৃজীয়া অধিবেশনৰ আদৰণি গঠন সম্পৰ্কীয় ৰাজহুৱা সভা

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী
মুখ্য সংবাদ

মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

September 22, 2023
Next Post
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7