VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চৰকাৰী চিকিৎসালয়ৰ আন্তঃগাথঁনি-গুণমান মূল্যায়নৰ বাবে ৩দিনীয়া স্বাস্থ্যসেৱা উৎসৱ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 6, 2023
in মুখ্য সংবাদ
চৰকাৰী চিকিৎসালয়ৰ আন্তঃগাথঁনি-গুণমান মূল্যায়নৰ বাবে ৩দিনীয়া স্বাস্থ্যসেৱা উৎসৱ
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

বোকাখাত, ৬ এপ্ৰিল : চৰকাৰী চিকিৎসালয়সমূহৰ আন্তঃগাথঁনিৰ লগতে উপলব্ধ সেৱাৰ মান মূল্যায়নৰ উদ্দেশ্যে আজিৰে পৰা অসমত আৰম্ভ হৈছে তিনিদিনীয়া অসম স্বাস্থ্যসেৱা উৎসৱ-২০২৩। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই কৃষিমন্ত্ৰী অতুল বৰাৰ উপস্থিতিত আজি বোকাখাট মহকুমাৰ অন্তৰ্গত কহৰাস্থিত শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ৰ পৰা স্বাস্থ্য সেৱা উৎসৱৰ ৰাজ্যিক কাৰ্যসূচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। জিলা পৰ্যায়ৰ চিকিৎসালয়, মহকুমা অসামৰিক চিকিৎসালয়, সামূহিক স্বাস্থ্যকেন্দ্ৰ আৰু প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ পৰ্যায়লৈ ৰাজ্যৰ মুঠ ১২৫২খন চৰকাৰী চিকিৎসালয়ক সামৰি আজিৰে পৰা ৮ এপ্ৰিল ২০২৩লৈ তিনিদিনীয়াকৈ এই স্বাস্থ্য সেৱা উৎসৱৰ আয়োজন কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে। স্বাস্থ্যসেৱা উৎসৱৰ জৰিয়তে মূল্যায়ন হ’ব লগা এই চৰকাৰী চিকিৎসানুষ্ঠানসমূহৰ ভিতৰত আছে ২১খন জিলা চিকিৎসালয়, ১৬ খন মহকুমা অসামৰিক চিকিৎসালয়, ২০৫খন সামূহিক চিকিৎসা কেন্দ্ৰ তথা এফ আৰইউ আৰু ১০১০ খন প্ৰাথমিক চিকিৎসা কেন্দ্ৰ। গুণোৎসৱৰ আৰ্হিত হোৱা এই স্বাস্থ্যসেৱা মহোৎসৱৰ আজি প্ৰথম দিনা চিকিৎসালয়সমূহৰ মূৰব্বীসকলে নিজ নিজ চিকিৎসানুষ্ঠানত আন্তঃমূল্যায়ক হিচাপে আন্তঃগাথঁনি, উপলব্ধ মানৱসম্পদ আৰু সা-সুবিধাৰ প্ৰয়োজনীয়তাৰ সবিশেষ খতিয়ান কৰি তথ্য যুগুত কৰিব। গুণোৎসৱৰ আৰ্হিত স্বাস্থ্য উৎসৱৰ পৰৱৰ্তী দুটা দিনত বহিঃমূল্যায়কে এই চিকিৎসালয়সমূহ পৰিদৰ্শন কৰি আন্তঃগাঠনিৰ লগতে চিকিৎসা সেৱাৰ গুণমান, অভাৱ-প্ৰয়োজনীয়তা আদি দিশসমূহৰ বাস্তৱ মূল্যায়ন কৰি ৰাজ্য চৰকাৰৰ ওচৰত প্ৰতিবেদন ৰূপে দাখিল কৰিব। উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰীসভাৰ সকলো সদস্য, ৰাজ্যৰ কেওগৰাকী সাংসদ আৰু বিধায়ক, ৰাজ্যৰ মুখ্য সচিব সমন্বিতে অসম চৰকাৰৰ শীৰ্ষ বিষয়াবৰ্গ, স্বায়ত্ত পৰিষদৰসমূহৰ মুখ্য কাৰ্যবাহী সদস্য-কাৰ্যবাহী সদস্যসকল, জিলাৰ উপায়ুক্তসকলৰ লগতে কেউখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপকসকলে স্বাস্থ্য উৎসৱত অংশগ্ৰহণ কৰি আগন্তুক দুটা দিনত জিলাসমূহত কমেও এখনকৈ চৰকাৰী চিকিৎসালয় পৰিদৰ্শন কৰি আন্তঃগাঁথনি, চিকিৎসক-স্বাস্থ্যকৰ্মীৰ উপলব্ধতা আৰু সেৱাৰ গুণগত মানৰ বিষয়ে বহিঃমূল্যায়ক হিচাপে মূল্যায়ন কৰিব।
ইফালে, কহৰাৰ শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত বৃহস্পতিবাৰে এই স্বাস্থ্য উৎসৱ উদ্বোধন কৰি বিভাগীয় মন্ত্ৰী মহন্তই চিকিৎসালয়খন পৰিদৰ্শন কৰি আন্তঃগাথঁনি, চিকিৎসক-স্বাস্থ্যকৰ্মীৰ উপলব্ধতা আৰু সেৱাৰ গুণগত মানৰ আভাষ লয়। মন্ত্ৰীগৰাকীয়ে আদৰ্শ চিকিৎসালয়খনত চিকিৎসক-স্বাস্থ্যকৰ্মীৰে আলোচনাত মিলিত হৈ চিকিৎসালয়ত উপলব্ধ সা-সুবিধা, আন্তঃগাথঁনিগত সামৰ্থ আদিৰ বিষয়ে বুজ লয়। তদুপৰি, আশাকৰ্মী আৰু চিকিৎসাধীন ৰোগীৰ সৈতেও মত বিনিময় কৰি চিকিৎসাসেৱাক লৈ তেখেতসকলৰ অভিজ্ঞতাৰ বিষয়েও অৱগত হয় স্বাস্থ্যমন্ত্ৰীয়ে। স্বাস্থ্য উৎসৱৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে আদৰ্শ চিকিৎসালয়খনত আজি এই পৰিদৰ্শন তথা নিৰীক্ষণ কৰাৰ সময়ত গোলাঘাট জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ৰঞ্জিত ভূঞা, বোকাখাটৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ অজয় কাকতি, আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক ডাঃ জয়ন্ত কাকতি, এনএইচএমৰ জিলা কাৰ্যসূচী প্ৰৱন্ধক অনুস্কা বৰাই সহযোগিতা আগবঢ়ায়।

Previous Post

কামৰূপ মহানগৰত আৰম্ভ স্বাস্থ্য সেৱা উৎসৱ

Next Post

সীমান্তত শান্তি ঘূৰি নাহিলে চীনৰ সৈতে উন্নত নহ’ব সম্পর্ক, অৰুণাচলৰ স্থানৰ নাম সলনি কৰাৰ পাছত ওভতি ধৰিলে ভাৰতে

Related Posts

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন
মুখ্য সংবাদ

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত  শ্বাহ
মুখ্য সংবাদ

অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত শ্বাহ

June 10, 2023
লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা
মুখ্য সংবাদ

লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা

June 10, 2023
এতিয়াও শান্ত হোৱা নাই  মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব
মুখ্য সংবাদ

এতিয়াও শান্ত হোৱা নাই মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব

June 10, 2023
শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি
মুখ্য সংবাদ

শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি

June 10, 2023
হোৱাইট হাউছৰ পৰা ট্ৰাম্পে  আনিছিল ১০০ টা গোপন নথি! ৪৯ পৃষ্ঠাৰ চাৰ্জ শ্বীটত নতুন অভিযোগ
মুখ্য সংবাদ

হোৱাইট হাউছৰ পৰা ট্ৰাম্পে আনিছিল ১০০ টা গোপন নথি! ৪৯ পৃষ্ঠাৰ চাৰ্জ শ্বীটত নতুন অভিযোগ

June 10, 2023
Next Post
সীমান্তত শান্তি ঘূৰি নাহিলে চীনৰ সৈতে উন্নত নহ’ব সম্পর্ক, অৰুণাচলৰ স্থানৰ নাম সলনি কৰাৰ পাছত ওভতি ধৰিলে ভাৰতে

সীমান্তত শান্তি ঘূৰি নাহিলে চীনৰ সৈতে উন্নত নহ’ব সম্পর্ক, অৰুণাচলৰ স্থানৰ নাম সলনি কৰাৰ পাছত ওভতি ধৰিলে ভাৰতে

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7