চাহ জনগোষ্ঠীৰ মহান নেতা তথা অসমৰ সুযোগ্য সন্তান সন্তোষ কুমাৰ টপ্নোৰ আজি ওপজা দিন৷তেখেতৰ ওপজা দিনত শ্ৰদ্ধা জ্ঞাপন কৰি,তেওঁৰ ত্যাগক সন্মান প্ৰদৰ্শন কৰি আজি সমগ্ৰ অসমতে উদযাপিত হয় ‘শ্ৰমিক কল্যাণ দিৱস’৷
সন্তোষ কুমাৰ টপ্নো মহান নেতা আছিল যিয়ে বহুতো চাহ শ্ৰমিকৰ মুক্তিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল। নেতাগৰাকীক উপযুক্ত সন্মান প্ৰদান কৰাৰ প্ৰচেষ্টাতেই আজি কেইবাবছৰ ধৰি ৰাজ্য চৰকাৰে ২৩ নৱেম্বৰৰ দিনটো শ্ৰমিক কল্যাণ দিৱস হিচাপে পালন কৰি আহিছে৷ সন্তোষ কুমাৰ টপ্নোৰ দৰে নেতাসকলে বৃহত্তৰ অসমীয়া সমাজ গঢ়াত অপৰিসীম অৱদান আগবঢ়াইছিল। চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ উন্নতিৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা পৰৱৰ্তী সময়তো নিশ্চয়কৈ স্মৰণীয় হৈ ৰ’ব৷