পৃথিৱীত ল’ৰা বা ছোৱালী হৈ জন্ম হোৱাটো এক প্ৰাকৃতিক নিয়ম কাৰণ আমাৰ জন্মৰ আগতেই এটি শিশুৰ লিংগ নিৰ্ধাৰণ কৰিব নোৱাৰি ৷ কিন্তু বৰ্তমান সময়ত মানুহে ইমানেই অগ্ৰগতি লাভ কৰিছে যে অস্ত্ৰোপচাৰৰ জৰিয়তে এতিয়া লিংগ সলনি কৰা এক সহজ উপায় । তেনে অস্ত্ৰোপচাৰৰ জৰিয়তে বহু লোকেই ইতিমধ্যে লিংগ সলনি কৰা দেখা গৈছে।
কিন্তু আপুনি জানেনে যে পৃথিৱীত এনেকুৱা এখন গাঁও আছে য’ত ছোৱালীবোৰ এক নিৰ্দিষ্ট বয়সৰ পিছত ল’ৰা হৈ পৰে কিন্তু কোনো অস্ত্ৰোপচাৰ নকৰাকৈ?
অবিশ্বাস্য যেন লাগিলেই সঁচা যে ডাঙৰ হোৱাৰ পিছত এইখন গাঁৱৰ ছোৱালীসকলৰ লিংগ স্বয়ংক্ৰিয়ভাৱে সলনি হয় আৰু ইয়াত বসবাস কৰা সকলো ছোৱালীয়েই ল’ৰা হৈ পৰে।
ডমিনিকান ৰিপাব্লিকৰ ‘লা চেলিনাছ’ নামৰ এইখন গাঁৱৰ ছোৱালীবোৰৰ লিংগ এটা নিৰ্দিষ্ট বয়সৰ পিছত সলনি হোৱাৰ ফলত তেওঁলোক ল’ৰা হৈ পৰে।
সাগৰৰ পাৰত অৱস্থিত এই গাঁওখনৰ জনসংখ্যা প্ৰায় ৬,০০০। নিজৰ অনন্য কৰ্মৰাজিৰ বাবে এই গাঁওখন বিশ্বৰ বিভিন্ন প্ৰান্তৰ গৱেষকসকলৰ গৱেষণাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আনহাতে চিকিৎসকে কয় যে গাওঁখনৰ এই লিংগ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া এক ৰোগ এক জিনীয় বিকাৰ।
স্থানীয় ভাষাত এই ৰোগত আক্ৰান্ত শিশুক ছ্যুড’হাৰ্মাফ্ৰ’ডাইট বুলি কোৱা হয়। যি ছোৱালীৰ এই ধৰণৰ ৰোগ হয়, সকলো ছোৱালী নিজেই ল’ৰা হৈ পৰে।
এইক্ষেত্ৰত লা চেলিনাছ গাঁৱত ছোৱালীৰ বয়স ১২ বছৰ নিৰ্ধাৰণ কৰা হৈছে, তাৰ পিছত ছোৱালীবোৰ ল’ৰাৰ দৰে হ’বলৈ আৰম্ভ কৰে।
বহু বিজ্ঞানীয়ে কয় যে এই গাঁৱত এই ৰোগৰ বাবেই ছোৱালী ল’ৰা হৈ পৰে। কেৱল এয়াই নহয়, পৃথিৱীৰ এখন অভিশপ্ত গাঁও বুলি গণ্য কৰা হয় এই গাঁওখনক। যাৰ ৰহস্য আজিলৈকে উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই বিজ্ঞানীসকল ।