ভাৰতত শিলগুটি নিক্ষেপ কৰাৰ ঘটনাৰ বাবে সততে চর্চালৈ আহে বন্দে ভাৰত ৰে’ল ৷ কিন্তু এইবাৰ এই ৰে’লখন সম্পূৰ্ণ বেলেগ কাৰণত শিৰোনাম দখল কৰিছে । এজন যুৱকে ষ্টেচনত ৰখাই থোৱা অৱস্থাত প্ৰস্ৰাৱ কৰিবলৈ উঠিছিল বন্দে ভাৰতত। প্ৰস্ৰাৱ কৰি ওলাই আহি দেখে যে ৰেলখন ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। দুৱাৰখনো বন্ধ হৈ আছে। দিশহাৰা হৈ পৰিল লোকজন । শেষত টিকট অবিহনে ৰে’লত উঠাৰ অভিযোগত তেওঁ যথেষ্ট জৰিমনা ভৰিবলগীয়া হ’ল। কেৱল সেয়াই নহয়, ভূপালৰ পৰা গৈ তেওঁ উজ্জয়িন পালেগৈ।
যোৱা ১৫ জুলাইত মধ্যপ্ৰদেশৰ ভূপাল ষ্টেচনত সংঘটিত হৈছিল এই ঘটনা। আব্দুল কাদিৰৰ ঘৰ চিঙৰৌলিৰ। হায়দৰাবাদৰ বেগম বজাৰত তেওঁৰ এখন ফলৰ দোকান আছে। চিংৰৌলিতো দোকান আছে। ১৪ জুলাইত পত্নী আৰু আঠ বছৰীয়া পুত্ৰক লৈ তেওঁ হায়দৰাবাদৰ পৰা চাউথ এক্সপ্ৰেছেৰে চিঙৰৌলিলৈ ৰাওনা হয়। ১৫ জুলাইত আব্দুলা সন্ধিয়া ৫:২০ বজাত ভুপাল ষ্টেচনত নামিছিল।
ৰে’ল আৰক্ষীৰ সূত্ৰ অনুসৰি ভুপালৰ পৰা চিঙৰৌলীলৈ ৰে’ল সংযোগৰ সময় আছিল নিশা ৮:৫৫ বজাত। হাতত বহুত সময় থকাৰ বাবে আব্দুলে ষ্টেচনত কিবা এটা খাবলৈ সিদ্ধান্ত ল’লে। সেই সময়তে আব্দুলৰ প্ৰস্ৰাৱ কৰা লাগে ৷ আব্দুলে উজ্জয়িন অভিমুখী বন্দে ভাৰতে কাষৰ প্লেটফৰ্মত থিয় হৈ আছিল। গতিকে তেওঁ ভাবিলে, ট্ৰেইনৰ টয়লেটত প্ৰস্ৰাৱ কৰি সোনকালে নামি আহিব। কিন্তু প্ৰস্ৰাৱ কৰি থাকোঁতে ৰেলত আবদ্ধ হৈ পৰাৰ কথা ভাবিব পৰা নাছিল। ৰেলৰ স্বয়ংক্ৰিয় দুৱাৰ বন্ধ হৈ যায়। আব্দুলে টয়লেটৰ পৰা ওলাই আহি দেখিলে যে ৰেলখন চলিবলৈ আৰম্ভ কৰিছে।
তেওঁ অভিযোগ কৰে যে কোঠাটোত থকা টিকট পৰীক্ষকে আৰক্ষীক ৰেলখন ৰখাবলৈ অনুৰোধ জনাইছিল, কেৱল চালকজনকহে দুৱাৰ খুলিবলৈ দিয়া হৈছে। ইয়াৰ পিছত আব্দুলে দিশহাৰা হৈ ড্ৰাইভাৰৰ কেবিনৰ ফালে দৌৰি গ’ল। কিন্তু তাৰ আগতেও তেওঁক আটক কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে। উজ্জয়িন পোৱাৰ পাছত আব্দুলক টিকট অবিহনে ৰে’লত উঠাৰ বাবেও ১০০০ টকা জৰিমনা বিহা হয়। শেষত আৰু ৮০০ টকা খৰচ কৰি পুনৰ ভুপাললৈ আহিল। ইয়াৰ পিছতে পত্নী আৰু পুত্ৰৰ সৈতে সিঙৰৌলিলৈ ৰাওনা হয়।