সমগ্ৰ দেশতে যেন এতিয়া চলিছে ‘প্ৰেমৰ ঋতু’! কিছুদিন পূৰ্বে প্ৰেমৰ বাবেই পাকিস্তানৰ পৰা চাৰিটা সন্তানৰ সৈতে ভাৰতলৈ গুচি আহিছিল এগৰাকী মহিলা । আকৌ ভাৰতৰ অঞ্জু নামৰ মহিলা গৰাকী প্ৰেমত অন্ধ হৈ পাকিস্তানলৈ গ’ল। এইবাৰ উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ এজন যুৱকৰ প্ৰেমত অন্ধ হৈ ভাৰতত উপস্থিত হ’ল সুদূৰ দক্ষিণ কোৰিয়াৰ এগৰাকী যুৱতী ৷
ছবছৰ পূৰ্বে উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ বাসিন্দা সুখজিৎ সিঙে কামৰ সন্ধানত দক্ষিণ কোৰিয়ালৈ গৈছিল। তাত কেফে এখনতো কাম কৰিছিল তেওঁ । ইয়াৰ পিছত বলীউড চিনেমাৰ কাহিনীৰ দৰেই নায়িকাগৰাকীও সেই কেফেত কাম বিচাৰি আহিছিল। ২৩ বছৰীয়া কিম ব’ নিয়েও কেফেখনৰ বিলিং বিভাগত চাকৰি লাভ কৰে। তাৰ পৰাই আৰম্ভ হৈছিলদুয়োৰে প্ৰেম। অৱশ্যে বিশেষ প্ৰয়োজনীয়তাৰ বাবে সুখজিত ৬ মাহৰ বাবে ভাৰতলৈ আহিছিল। ইমান দিনে ভালপোৱা মানুহজনৰ পৰা আঁতৰি থকাটো কিমৰ বাবে প্ৰায় অসম্ভৱ হৈ পৰিছিল। বন্ধু এজনৰ সহায়ত কিমে ভাৰতলৈ অহাৰ সকলো ব্যৱস্থা কৰি নিজৰ দেশৰ পৰা পোনে পোনে দিল্লীলৈ আহিছিল। তাৰ পৰা উত্তৰ প্ৰদেশৰ সুখজিতৰ ঘৰত তেওঁ উপস্থিত হয় ৷
স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দুদিনমান আগতে দুয়োৰে বিবাহ সম্পন্ন হৈছিল। স্থানীয় গুৰদ্বাৰাত শিখ ধৰ্মৰ মতে তেওঁলোকৰ বিবাহ সম্পন্ন হয় ৷ কিমে গ্ৰাম্য পৰিৱেশৰ লগত ভালদৰে খাপ খাই পৰিছে। অৱশ্যে সুখজিতে কয় যে তেওঁ দক্ষিণ কোৰিয়াত থাকিব বিচাৰে।