মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ শনিবাৰে সন্ধিয়া চানমাৰিৰ এটা ফ্লেটৰ ষষ্ঠ মহলাৰ পৰা পৰি এগৰাকী যুৱতীৰ মৃত্যু ঘটে ৷ মৃত যুৱতী গৰাকী মেঘালয়ৰ টাংচি কে চাংমা বুলি জানিব পৰা গৈছে ৷ চানমাৰিৰ গভর্ণমেণ্ট প্ৰেছৰ সোৱণশিৰি এপার্টমেণ্টত আন দুজন যুৱকৰ সৈতে বাস কৰিছিল যুৱতী গৰাকীয়ে ৷ কিন্তু যুৱতী গৰাকী ষষ্ঠ মহলাৰ পৰা পিচলি পৰিল নে এয়া আত্মহত্যা নে হত্যাকাণ্ড সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ এই ঘটনাৰ পাছতে পলায়ন কৰে যুৱতী গৰাকীৰ সৈতে থকা যুৱক দুজন ৷ তেওঁলোকক আটক কৰিলেহে প্ৰকৃত তথ্য পোহৰলৈ আহিব ৷
জানিব পৰা মতে প্ৰায় দুমাহ ধৰি সোৱণশিৰি এপাৰ্টমেন্টৰ ৬-বি নম্বৰৰ ফ্লেটত বাস কৰিছিল মেঘালয়ৰ যুৱতীগৰাকীয়ে। ফ্লেটটো ভাড়া লৈছিল এটা প্ৰতিষ্ঠানে। নজুম হাজৰিকা নামৰ লোকজনৰ পৰা ভাড়ালৈ লোৱা ফ্লেটটোত বাস কৰিছিল প্ৰতিষ্ঠানটোৰ একাংশ যুৱক আৰু যুৱতী। ঘৰটো ভাড়ালৈ লোৱা প্ৰতিষ্ঠানটোৰ নাম নাজানে সোৱণশিৰি এপাৰ্টমেন্টৰ কোনো এজন আৱাসীয়ে।