ঢকুৱাখানাৰ বিভিন্ন অঞ্চল বৰ্তমান প্ৰচণ্ড বানৰ কবলত ৷ একেদৰেই ঠাইখনৰ নকপহুৱা অঞ্চলো ডুব গৈছে বাঢ়নী পানীত ৷ ঢকুৱাখানাৰ নকপহুৱাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ চাৰিকড়ীয়া নদীৰ দলংসহ উটি গ’ল কেইবাজনো লোক ৷ ঐতিহ্যমণ্ডিত ফাটবিহু উপভোগ কৰি ঘৰলৈ ওভতি আহি থকা অৱস্থাত চাৰিকড়ীয়া নৈৰ বাঢ়নী পানীৰ সোঁতে উটুৱাই নিলে কেইবাজনো লোকসহ অঞ্চলটোৰ দুই পাৰ সংযোগী বাঁহৰ দলংখন ৷ অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত ইতিমধ্যে উদ্ধাৰ কৰা হৈছে নৈত উটি যোৱা লোক কেইজনক ৷