কৰিমগঞ্জ জিলাৰ পাথৰকান্দিৰ বৈঠাখলাত আজি পুৱা সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। এখন অটো ৰিক্সা আৰু চিমেণ্ট ভৰ্তি ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত দহজন লোকৰ থিতাতে মৃত্যু হয়। প্ৰাপ্ত তথ্য অনুসৰি অসম-ত্ৰিপুৰা সংযোগী আঠ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হৈছে।ষঠ পূজা কৰি অটো খনেৰে দুৰ্ঘটনাত পতিত হোৱা লোককেইগৰাকী ঘৰলৈ উভতি আহিছিল। সেই সময়তে চিমেণ্ট ভৰ্তি ট্ৰাকখনেৰে মুখামুখি সংঘৰ্ষ হয় অটো খনৰ। দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ হৈছে এন এল ০১কিউ০০৮৮। আনহাতে অটোখনৰ নম্বৰ হৈছে এ এছ ১০এ চি ৫৭৮২। দুৰ্ঘটনাতো সংঘটিত হোৱাৰ পাছতে পলায়ন কৰিছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে। আৰক্ষীয়ে দুয়োজনকে বিচাৰি আৰম্ভ কৰিছে অভিযান। এই ভয়াৱহ দুৰ্ঘটনাত মৃত্যুক সাৱটি লোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। তদুপৰি মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ এক লাখ টকাৰ অৰ্থসাহাৰ্য্য ঘোষনা কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে আহত লোকসকলৰ চিকিৎসা কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে।