প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ক্ষমতাৰ পৰা আঁতৰ হোৱাৰ পিছতো আমেৰিকাৰ গোপন নথি-পত্ৰ লগত লৈ গৈছিল। এইবাৰ জো বাইডেন প্ৰশাসনে তেওঁক এই সম্পৰ্কীয় গোচৰৰ মূল অভিযুক্ত কৰি তদন্ত আৰম্ভ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে । যদিও এতিয়ালৈকে এই খবৰৰ কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ হোৱা নাই, তথাপিও ছ’চিয়েল মিডিয়াত এই কথা স্বয়ং ট্ৰাম্পে প্ৰকাশ কৰিছে । মিছা অভিযোগ উত্থাপন কৰাৰ বাবেও বাইডেনে প্ৰশাসনক তেওঁ আক্ৰমণ কৰে। ৰিপাব্লিকান দলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে লিখিছে, “দুৰ্নীতিগ্ৰস্ত বাইডেন প্ৰশাসনে মোৰ অধিবক্তাক কৈছে যে এই গোচৰত মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন হ’বলৈ ওলাইছে।” ট্ৰাম্পে লগতে লিখিছে যে তেওঁক মঙলবাৰে মিয়ামিৰ ফেডাৰেল আদালতলৈ মাতি অনা হৈছে।
অৱশ্যে এই খবৰৰ সত্যতা সন্দৰ্ভত এতিয়াও একো কোৱা নাই আমেৰিকাৰ ন্যায় বিভাগে। কিন্তু আমেৰিকাৰ বেছিভাগ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে এই তথ্য “চুৰি” কৰাৰ গোচৰত ইতিমধ্যে ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। আমেৰিকাৰ ইতিহাসত কোনো ৰাষ্ট্ৰপতি বা প্ৰাক্তন ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হোৱা নাই। সেই ক্ষেত্ৰত ট্ৰাম্পে ‘ইতিহাস’ ৰচনা কৰিবলৈ ওলাইছে। সেই বিষয়টোৰ কথা উল্লেখ কৰি ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছে, “মই কেতিয়াও ভবা নাছিলো যে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ক্ষেত্ৰত এনেকুৱা কিবা এটা হ’ব পাৰে।”
এই গোচৰৰ অভিজ্ঞতা থকা লোকৰ মতে, ২০২০ চনত ট্ৰাম্পে আমেৰিকাৰ ট্ৰেজাৰীৰ পৰা নিৰাপত্তা সম্পৰ্কীয় কেইবাটাও নথি লৈছিল। অভিযোগ অনুসৰি, ট্ৰাম্পে সেইবোৰ ঘূৰাই নিদিলে। ইয়াৰ বিপৰীতে যেতিয়া এই বিষয়ত তদন্ত আৰম্ভ হৈছিল তেতিয়া তেওঁ তদন্ত প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। ৭৭ বছৰীয়া ট্ৰাম্পে ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী হ’ব। ইয়াৰ পূৰ্বে পৰ্ণ ষ্টাৰক উৎকোচ দিয়াৰ গোচৰতো ট্ৰাম্পৰ নাম জড়িত আছিল। এইবাৰ আমেৰিকাৰ ‘বিতৰ্কিত’ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আন এক আইনী মেৰপেচত সোমাই পৰিল।