VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত কর্মশালা অনুষ্ঠিত

voicedesk by voicedesk
December 7, 2022
in মুখ্য সংবাদ
শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত কর্মশালা অনুষ্ঠিত
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত আজি শিশুৰ অধিকাৰ সন্দর্ভত এখন কর্মশালা অনুষ্ঠিত হয় ৷ গুৱাহাটীৰ নেডফি হাউচৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কর্মশালাখনত শিশু অধিকাৰৰ সৈতে জড়িত কেইবাটাও আগশাৰীৰ সংস্থাৰ লগতে চৰকাৰী বিভাগসমূহৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানৰ আৰম্ভনিতে ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ শিক্ষা উপদেষ্টা তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ননী গোপাল মহন্তই শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই ক্ষেত্ৰখনত কাম কৰি থকা চৰকাৰী-বেচৰকাৰী সংস্থাসমূহৰ মাজত থাকিবলগীয়া সমন্বয়তাৰ কথা উল্লেখ কৰে ৷ কর্মশালাখনৰ উদ্বোধনী ভাষণ প্ৰদান কৰে আয়োগৰ অধ্যক্ষা সুনীতা চাংকাকতিয়ে ৷ ইফালে ৰাজ্যিক শিশু সুৰক্ষা ছছাইটিৰ আয়ুক্ত সচিব পার্থ প্ৰতিম মজুমদাৰ সন্মানীয় অতিথি আৰু এনচিপিচিআৰৰ সদস্য সচিব ৰূপালী বেনার্জী সিং বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷ উদ্বোধনী অনুষ্ঠানৰ পাছতে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ কাম কাজ সম্পর্কে আয়োগৰ সদস্য ডঃ পিলু হাজৰিকাই ভাষণ প্ৰদান কৰে ৷ ইয়াৰ পাছতে এনচিপিচিআৰৰ জ্যেষ্ঠ কাৰিকৰী কনছালটেণ্ট ছাইষ্টা খান শ্বাহে শিশু অধিকাৰ সুৰক্ষাৰ বাবে দায়িত্ববাহীসকলৰ মাজত সমন্বয়তাৰ প্ৰয়োজন সন্দর্ভে বাখ্যা কৰে ৷মুকলি আলোচনাত আয়োগৰ অধ্যক্ষা  ডঃ সুনীতা চাংকাকতি, এনচিপিআৰৰ সদস্য সচিব ৰূপালী বেনার্জী সিং,আয়োগৰ সদস্য ৰূপা হাজৰিকা,অজয় কুমাৰ দত্তই অংশগ্ৰহণ কৰে ৷

 

উল্লেখ্য যে বিশ্বৰ মুঠ শিশুৰ ১৯ শতাংশই ভাৰতৰ ৷ যাৰ বাবে বিশ্বৰ ভিতৰতে সর্বাধিক শিশু থকা দেশখনেই হৈছে ভাৰত ৷ সেয়েহে শিশুৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে ৷ ২০১১ বর্ষৰ লোকপিয়ল অনুসৰি ৮৪ নিযুত শিশু ভাৰতত   শিক্ষা  লাভৰ পৰা বঞ্চিত হৈ আহিছে ৷তদুপৰি ৪২.৭ নিযুত শিশু বিদ্যালয়ৰ বাহিৰত আছে ৷ ইউডাইছ প্লাছ ২০২০-২০২১ বর্ষৰ সমীক্ষা অনুসৰি দেশৰ ভিতৰতে আধাতে বিদ্যালয় এৰা শিশুৰ সংখ্যা সবাতোকৈ অধিক হৈছে অসমত ৷ মাধ্যমিক পর্যায়ত ২১ শতাংশ শিশুৱে আধাতে শিক্ষা সামৰি ৰাজ্যত বিদ্যালয় এৰিছে ৷ এনচিআৰবিৰ তথ্য অনুসৰি শিশু শ্ৰমিকৰ ক্ষেত্ৰত অসমৰ স্থান হৈছে   ১৩ ৷ এনে বিভিন্ন কাৰণতে শিশুৰ অধিকাৰসমূহ সুৰক্ষিত কৰি ৰাখিবলৈ বিভিন্ন সংস্থাসমূহৰ সৈতে  আজিৰ বৈঠক অনুষ্ঠিত কৰা হয় ৷

Previous Post

অগ্নি-৫ বেলিষ্টিক মিছাইল পৰীক্ষাৰ পূর্বে চীনৰ ‘চোৰাংচোৱা’গিৰি, পঠিয়ালে জাহাজ

Next Post

আপুনি বাৰু জানেনে শুক্ৰাণু অবিহনে বংশবৃদ্ধি কৰা প্ৰক্ৰিয়াই হ’ল ‘পাৰ্থেনোজেনেছিছ’

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আপুনি বাৰু জানেনে  শুক্ৰাণু অবিহনে বংশবৃদ্ধি কৰা প্ৰক্ৰিয়াই হ’ল ‘পাৰ্থেনোজেনেছিছ’

আপুনি বাৰু জানেনে শুক্ৰাণু অবিহনে বংশবৃদ্ধি কৰা প্ৰক্ৰিয়াই হ’ল 'পাৰ্থেনোজেনেছিছ'

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7