VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আপুনি বাৰু জানেনে শুক্ৰাণু অবিহনে বংশবৃদ্ধি কৰা প্ৰক্ৰিয়াই হ’ল ‘পাৰ্থেনোজেনেছিছ’

এনে এক প্ৰজাতিৰ সাপৰ কথা জানেনে যি প্ৰজাতিৰ সকলো সাপেই মাইকী ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 7, 2022
in বিজ্ঞান
আপুনি বাৰু জানেনে  শুক্ৰাণু অবিহনে বংশবৃদ্ধি কৰা প্ৰক্ৰিয়াই হ’ল ‘পাৰ্থেনোজেনেছিছ’
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

পৃথিৱীত যিকোনো প্ৰাণীৰ পুৰুষ আৰু নাৰী এই দুটা ভাগ ৷ এটা অবিহনে কোনো এটা জীৱৰ বংশ বৃদ্ধি সম্ভৱ নহয় ৷ কিন্তু এইখন পৃথিৱীতে এনে কিছু প্ৰাণী আছে য’ত মাইকী জীৱ এটাই সন্তান জন্ম দিবলৈ মতা জীৱ এটাৰ সংগ লোৱাৰ  প্ৰয়োজন নাই ৷  পৃথিৱীত এনে কিছুমান নাৰী জীৱ আছে যাক গৰ্ভধাৰণ কৰিবলৈ পুৰুষৰ প্ৰয়োজন নাই।

তেনে প্ৰজাতিৰ কেইটামান জীৱৰ ভিতৰত উল্লেখযোগ্য হ’ল ‘ব্ৰাহ্মিণী ব্লাইণ্ড স্নেক’ নামৰ এছিয়া আৰু আফ্ৰিকাত পোৱা এই সাপ যি  বিষাক্ত নহয়। যাক ওচেনিয়া, আমেৰিকা আৰু অষ্ট্ৰেলিয়া আদি আন দেশসমূহলৈও পঠিওৱা হৈছিল।  সাধাৰণতে মাটিৰ তলত লুকাই থকা এই সাপ সহজে মানুহৰ দৃষ্টিগোচৰ নহয় ৷ ইহঁতে কেৱল পাৰ্থেনোজেনেছিছৰ ভিত্তিত বংশবৃদ্ধি কৰে। এতিয়ালৈকে এই প্ৰজাতিৰ সকলো সাপ মাইকী বুলি জানিব পৰা  গৈছে। তেওঁলোকে নিজৰ সন্তানক এনেদৰে উৎপন্ন কৰে যে সকলো জিনগতভাৱে একে।

ব্লেকটিপ শ্বাৰ্ক নামৰ এই শ্বাৰ্কবিধ  সাধাৰণতে উপগ্রীষ্মমণ্ডলীয় অঞ্চলত পোৱা যায়।অৱশ্যে  ই  পুৰুষ সংগীৰ সৈতে বা পুৰুষ অবিহনে এই দুয়ো ধৰণেৰে বংশবৃদ্ধি কৰিব পাৰে। ২০০৭ চনত ভাৰ্জিনিয়া একুৰিয়ামৰ মেৰিন ছায়েন্স চেণ্টাৰত ৯ বছৰীয়া মাইকী ব্লেকটিপ শ্বাৰ্ক এজনীয়ে  পুৰুষ সংগী  অবিহনেই  গৰ্ভধাৰণ কৰে। অৱশ্যে যেতিয়া জিনীয় বিশ্লেষণ কৰা হ’ল, তেতিয়া দেখা গ’ল যে ইও পাৰ্থেনোজেনেছিছৰ জৰিয়তে গৰ্ভধাৰণ কৰিছিল।

কোমোডো ড্ৰেগন হ’ল  বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ জেঠী প্ৰজাতিৰ প্ৰাণী । ইয়াৰ দৈৰ্ঘ্য ১০ ফুট পৰ্যন্ত আৰু ওজন ৭০ কিলোগ্ৰাম পৰ্যন্ত হ’ব পাৰে। সাধাৰণতে ইণ্ডোনেছিয়াৰ জিলি মটাং, ফ্ল’ৰেছ, ৰিংকা আৰু কোমোডো দ্বীপত পোৱা যায়। এইটো এনেকুৱা এটা জেঠী, যি পুৰুষ জেঠীৰ  সহায় অবিহনে বংশবৃদ্ধি কৰিব পাৰে। ২০০৫ চনত লণ্ডনৰ চিৰিয়াখানাত এজনী মাইকী কোমোডো ড্ৰেগনে কণী পাৰিছিল। আচৰিত কথা যে এই ড্ৰেগন জনীক তাইৰ  পুৰুষ সংগীৰ পৰা পৃথক কৰি   দুবছৰ আগতেই   ইণ্ডোনেছিয়ালৈ অনা হৈছিল। প্ৰথমতে মাইকী চৰাইয়ে হয়তো পুৰুষৰ শুক্ৰাণু জমা কৰি ৰাখিছে বুলি ভবা হৈছিল যদিও ২০০৬ চনত দ্বিতীয় এজনী কোমোডো ড্ৰেগনে ১১টা কণী পৰাৰ পিছত এই কথাটো নাকচ কৰা হৈছিল ৷ এই ১১টা কণীৰ  সাতটা কণীৰ পৰা জেঠী পোৱালি  ওলাইছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে যেতিয়া মাইকী কোমোডো ড্ৰেগন এজনীক পুৰুষ সংগীৰ পৰা পৃথক কৰি অকলে ৰখা হয়, তেতিয়াও ই পাৰ্থেনোজেনেছিছ প্ৰক্ৰিয়াৰ জৰিয়তে নিজাববীয়াকৈ প্ৰজনন কৰিব পাৰে। উল্লেখনীয় যে যেতিয়া মাইকী চৰাইয়ে পুৰুষৰ শুক্ৰাণু অবিহনে বংশবৃদ্ধি কৰে, তেতিয়া ইয়াক পাৰ্থেনোজেনেছিছ বোলা হয়।

এফিড হৈছে অতি সৰু পোক যিয়ে ফল-মূল, ফুল আৰু শাক-পাচলিৰ ৰস চুহি খায়। ইহঁতেও যৌন সম্পৰ্ক  অবিহনে প্ৰজনন কৰিব পাৰে। সাধাৰণতে এফিডে এই দুয়োটা পদ্ধতি পাল পাতি ব্যৱহাৰ কৰে। মানে পুৰুষ বা মহিলাই একেলগে বংশবৃদ্ধি কৰে  বা মাইকী এফিডে নিজাববীয়াকৈ এই কাম কৰে। তেওঁলোকক মাত্ৰ এনে এক  ঠাইৰ প্ৰয়োজন য’ৰ পৰা তেওঁলোকে অবিৰতভাৱে ৰস পায়।

ট্ৰাইৰিছ ষ্টেনাস্পিছ  এবিধ মকৰা প্ৰজাতিৰ প্ৰাণী । ইয়াক আমেৰিকা, অষ্ট্ৰেলিয়া, মাদাগাস্কাৰ, আৰ্জেণ্টিনা, কুক দ্বীপ, হাৱাই আৰু গালাপাগোছ দ্বীপপুঞ্জত পোৱা যায়। আজিলৈকে এই প্ৰজাতিৰ কোনো মতা মকৰা পোৱা নাই। ইহতৰ সকলো  মাইকী মকৰা  যি  পুৰু্ সংগী  অবিহনেই  বংশবৃদ্ধি কৰিব পাৰে । অৱশ্যে ইহঁতৰ সমস্যা এটাই  যে   প্ৰজনন কৰাৰ পিছত কণী পাৰিলে ইহঁত মৰি যায়। এটা মকৰাই  কণী পাৰি মৃত্যুবৰণ কৰে আৰু আন এটা মকৰাই  লালন-পালন কৰে। এইদৰেই ইহঁতৰ বংশ বিস্তাৰ হয় ।

বনেটহেড শ্বাৰ্ক যি হ’ল  পৃথিৱীৰ একমাত্ৰ নিৰামিষভোজী শ্বাৰ্ক । ইকুৱেডৰৰ পৰা কেলিফৰ্ণিয়া আৰু মেক্সিকালি উপসাগৰৰ পৰা নিউ ইংলেণ্ডলৈকে সাগৰীয় অঞ্চলত ইয়াক পোৱা যায়। বনেটহেড শ্বাৰ্ক এনে সাগৰত বাস কৰে যাৰ উষ্ণতা ২১ ডিগ্ৰী চেলছিয়াছৰ ওপৰত। শীতকালত বিষুৱৰেখাৰ ওচৰত আৰু গ্ৰীষ্মকালত মেক্সিকান উপসাগৰত ইহঁতে প্ৰবজন কৰে।  জিনীয় বিশ্লেষণৰ দ্বাৰা এই কথা  নিশ্চিত কৰা হৈছিল যে এই শ্বাৰ্কেও নেব্ৰাস্কাৰ হেনৰী ড’ৰলি চিৰিয়াখানাত পাৰ্থেনোজেনেছিছৰ দ্বাৰা গৰ্ভধাৰণ কৰা  দেখা গৈছিল।

ডাফনিয়া পুলেক্স হ’ল পানীত বিচৰণ কৰি থকা এবিধ বৃহৎ প্ৰজাতিৰ মাখি যি  সমগ্ৰ বিশ্বতে উপলব্ধ। অৱশ্যে বেছিকৈ  ইয়াক অষ্ট্ৰেলিয়া, আমেৰিকা আৰু ইউৰোপত পোৱা যায় । সাধাৰণতে ইয়াৰ ৰং ৰঙা । কাৰণ এই মাখিৰ শৰীৰত হিম’গ্লবিন থাকে। ডাফনিয়া পুলেক্সৰ মূৰটো ছটা ভাগত বিভক্ত। শাৰীৰিক সম্পৰ্ক স্থাপন কৰি বা নকৰাকৈয়ে ইহঁতে বংশবৃদ্ধি কৰে। অৰ্থাৎ এই প্ৰজাতিৰ  মাইকী মাখিয়ে  মতাটোৰ লগত সম্পৰ্ক  নকৰাকৈয়ো প্ৰজনন কৰি বংশবৃদ্ধি কৰিব পাৰে ।

Previous Post

শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত কর্মশালা অনুষ্ঠিত

Next Post

মৰক্কোক বিজয়ী কৰি নায়কত পৰিণত গ’লৰক্ষক ইয়াছিন বোনোৰ বিষয়ে জানেনে ? নিজে জন্মলাভ কৰা দেশৰ বিৰুদ্ধে মৰক্কোৰ হৈ কিয় খেলিছিল তেওঁ ?

Related Posts

বিশাল গ্ৰহৰ সন্ধানত লাভ ভাৰতীয় বিজ্ঞানীৰ
বিজ্ঞান

বিশাল গ্ৰহৰ সন্ধানত লাভ ভাৰতীয় বিজ্ঞানীৰ

May 31, 2023
উপগ্ৰহৰ সংখ্যাৰে বৃহস্পতিক অতিক্ৰম কৰিলে শনিয়ে,  ১৪৫ টালৈ বৃদ্ধি পালে উপগ্ৰহ
বিজ্ঞান

উপগ্ৰহৰ সংখ্যাৰে বৃহস্পতিক অতিক্ৰম কৰিলে শনিয়ে, ১৪৫ টালৈ বৃদ্ধি পালে উপগ্ৰহ

May 16, 2023
মংগল গ্ৰহত আছিল গভীৰ নদী, মহাকাশযানে প্ৰেৰণ কৰিলে নতুন ছবি
বিজ্ঞান

মংগল গ্ৰহত আছিল গভীৰ নদী, মহাকাশযানে প্ৰেৰণ কৰিলে নতুন ছবি

May 13, 2023
৫ মে’ত বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ, ক’ৰ পৰা দেখা যাব এই মহাজাগতিক পৰিঘটনা ??
বিজ্ঞান

৫ মে’ত বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ, ক’ৰ পৰা দেখা যাব এই মহাজাগতিক পৰিঘটনা ??

May 4, 2023
কলিয়াবৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান সমাৰোহ সম্পন্ন
বিজ্ঞান

কলিয়াবৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান সমাৰোহ সম্পন্ন

May 3, 2023
মংগল গ্ৰহলৈ  ‘টিয়ানৱেন-১’  প্ৰেৰণেৰে সাফল্য চীনৰ
বিজ্ঞান

মংগল গ্ৰহলৈ ‘টিয়ানৱেন-১’ প্ৰেৰণেৰে সাফল্য চীনৰ

April 24, 2023
Next Post
মৰক্কোক বিজয়ী কৰি নায়কত পৰিণত গ’লৰক্ষক ইয়াছিন বোনোৰ বিষয়ে জানেনে ? নিজে জন্মলাভ কৰা দেশৰ বিৰুদ্ধে মৰক্কোৰ হৈ কিয় খেলিছিল তেওঁ ?

মৰক্কোক বিজয়ী কৰি নায়কত পৰিণত গ’লৰক্ষক ইয়াছিন বোনোৰ বিষয়ে জানেনে ? নিজে জন্মলাভ কৰা দেশৰ বিৰুদ্ধে মৰক্কোৰ হৈ কিয় খেলিছিল তেওঁ ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7