অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াৰ ঘৰৰ পৰা লাখ লাখ টকা লুটপাত কৰি পলায়ন কৰে চোৰৰ এটা দলে। বাণিজ্যিক চহৰ মুম্বাইৰ ইৰোলি অঞ্চলত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি চোৰকেইটা অক্ষয় কুমাৰ অভিনীত বলীউডৰ জনপ্ৰিয় ছবি ‘স্পেচিয়েল ২৬’ৰ পৰা অনুপ্ৰাণিত হৈ এই চুৰিকার্য সংঘটিত কৰে । ২১ জুলাইত অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াৰ ঘৰত প্ৰৱেশ কৰি প্ৰায় ৩৬ লাখ টকাৰ মূল্যৱান সামগ্ৰী লুটপাত কৰে চোৰৰ দলটোৱে।
আৰক্ষীৰ সূত্ৰ অনুসৰি চোৰৰ দলটোৱে অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া কান্তিলাল যাদৱৰ ঘৰত প্ৰৱেশ কৰি দুৰ্নীতি বিৰোধী শাখাৰ বিষয়া বুলি পৰিচয় দিয়ে। কান্তিলালৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা বুলি দাবী কৰি চোৰৰ দলটোৱে ঘৰটোত তালাচী কৰিব বিচাৰে।
কান্তিলাল আৰু তেওঁৰ পত্নীৰ মোবাইলও জব্দ কৰা হয়। তালাচী অভিযান শেষ নোহোৱালৈকে ঘৰৰ পৰা কাকোবাহিৰলৈ ওলাই যাবলৈ দিয়া হোৱা নাছিল । ইয়াৰ পিছতে ঘৰৰ আলমাৰী খুলি নগদ ২৫ লাখ টকা, মূল্যৱান সোণৰ চেইন, আঙঠি আৰু ব্ৰেচলেট লৈ যায় ৷ ইয়াৰ উপৰিও কেইবাটাও হীৰাৰ গহনা আৰু মূল্যৱান ঘড়ীও তেওঁলোকৰ দ্বাৰা ‘জব্দ’ কৰা হয়। ‘তদন্তকাৰী বিষয়া’ ঘৰৰ পৰা ওলাই অহাৰ পিছত কান্তিলালে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আহি তদন্ত আৰম্ভ কৰিলে। তদন্তত আৰক্ষীয়ে উপলব্ধি কৰে যে দুৰ্নীতি বিৰোধী শাখাৰ ৰূপ লৈ কান্তিলালৰ ঘৰত চোৰৰ দলে লুটপাত কৰিছে। ইতিমধ্যে সমগ্ৰ বিষয়টোৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।