ঋতু পৰ্ণ শৰ্মা,নগাঁও,৭ছেপ্টেম্বৰ:–বিশ্ব বৰেণ্য শিল্পী ভাৰতৰত্ন তথা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ শুক্ৰবাৰে ৯৭ সংখ্যক জন্মদিন। জন্মদিনৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে এদল যুৱকে পৰিস্কাৰ কৰে সুধাকণ্ঠ তথা বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ নগাঁও জিলাৰ কুঠৰীত থকা বাসগৃহটি । কাজিৰঙাৰ শৈক্ষিক-সাংস্কৃতিক- সামাজিক সংগঠন “কাজিৰঙা অধ্যয়ন চক্ৰ”ৰ উদ্যোগত বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ কৰা এই চাফাই কাৰ্যসূচীত “কাজিৰঙা অধ্যয়ন চক্ৰ”ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহা আৰু সমন্বয়ক ইন্দু পৱন শইকীয়াৰ নেতৃত্বত কাজিৰঙাৰ গেলেকী,বচাগাঁও, কুঠৰী,বাগৰি,জগদম্বা অঞ্চলৰ অৰ্ধ শতাধিক সদস্যই সহযোগিতা আগবঢ়ায়। “কাজিৰঙা অধ্যয়ন চক্ৰ”ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহা আৰু সমন্বয়ক ইন্দুপৱন শইকীয়াই কয় যে ১৯৫৮ চনতে ভূপেনদাই কাজিৰঙাৰ কুঠৰীত নিৰ্মাণ কৰা বাসগৃহটিৰ বৰ্তমানৰ অৱস্থা অত্যন্ত দুখলগা । কিন্তু অসমীয়াৰ প্ৰাণৰ ব্যক্তিগৰাকীৰ স্মৃতি সুন্দৰভাৱে ৰখাটো চৰকাৰৰ দায়িত্ব আছিল যদিও এইক্ষেত্ৰত যেন চূড়ান্ত উদাসীন চৰকাৰী পক্ষ । তেওঁলোক দুয়ো লগতে কয় যে সুধাকণ্ঠৰ বিভিন্ন স্মৃতি বিজড়িত বাসগৃহটি সংৰক্ষণ সম্বন্ধে অসম বিজেপিৰ প্ৰথমটো কাৰ্যকালৰ প্ৰথমখন কেবিনেটতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈছিল বাসগৃহটিত । কিন্তু আজিও কুঠৰীৰ সুধাকণ্ঠৰ বাসগৃহটি তথা স্মৃতি বিজড়িত কোনো সমল সংৰক্ষিত নহ’ল । “কাজিৰঙা অধ্যয়ন চক্ৰ”ই ভূপেনদাৰ বাসগৃহটি সংৰক্ষণ কৰি সংগ্ৰহালয়ৰ ৰূপ দিয়াৰ লগতে পৰ্যটকৰ বাবে মুকলি কৰিবলৈয়ো আহ্বান জনায় । লগতে বৃহস্পতি বাৰে সুধাকণ্ঠৰ নগাঁৱৰ কুঠৰীৰ বাসগৃহৰ লগতে আবক্ষ মূৰ্তিটো চাফ-চিকুণ কৰা হয় । এই কাৰ্যসূচীত সুধাকণ্ঠ তথা ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহটি ১৯৭৪ চনৰে পৰা চোৱা-চিতা কৰা সুৰেণ নেওগ, অসীম নেওগ,বাগৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহন,কুঠৰী গাঁও পঞ্চায়তৰ সভাপতি নাজিৰ আলি,প্ৰাক্তন সভাপতি জমছেৰ আলিৰ লগতে বিভিন্নজনে সহযোগিতা আগবঢ়ায় বুলি কাজিৰঙা অধ্যয়ন চক্ৰই জনাইছে । আনহাতে,বৃহস্পতি বাৰৰ চাফাই কাৰ্যসূচীত সংগঠনটোৰ যতীন কলিতা,পুষ্কৰ কুৰ্মী,প্ৰত্যুষ প্লাৱন গগৈ,ৰাহুল কৰ্মকাৰ,বিকাশ কৰ্মকাৰ,নীলাভ দুৱৰা,মুকুটজ্যোতি শইকীয়া,ৰাধা গোবিন্দ তাঁতী আদিৰ নেতৃত্বত কাজিৰঙাৰ গেলেকী,বচাগাঁও, কুঠৰী,বাগৰি,জগদম্বা অঞ্চলৰ অৰ্ধ শতাধিক সদস্যই সহযোগিতা আগবঢ়ায় । ইপিনে, “কাজিৰঙা অধ্যয়ন চক্ৰ”ই ৮ ছেপ্টেম্বৰ, শুক্ৰবাৰে কাজিৰঙাৰ কহঁৰা চাৰিআলিত সন্ধিয়া ৫:৩০ বজাত সুধাকণ্ঠ তথা ভাৰত ৰত্নৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বালন কৰাৰ লগতে “মানুহে মানুহৰ বাবে” শীৰ্ষক এটি সাংস্কৃতিক অায়োজন কৰা হয় ।