অসমীয়াৰ প্ৰাণৰো আপোন শিল্পী হৈছে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা ৷ ভাৰতৰত্ন প্ৰয়াত শিল্পী গৰাকীৰ আজি ৯৭ সংখ্যক ওপজা দিন ৷ এই উপলক্ষে আজি সুধাকণ্ঠৰ গীত মাতেৰে মুখৰিত হৈ পৰিল সমগ্ৰ ৰাজ্যৰ আকাশ বতাহ ৷ ঠায়ে ঠায়ে আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠান ৷
সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছে উদ্দীপনা শীর্ষক অনুষ্ঠান ৷ আজি সন্ধিয়া দীঘলীপুখুৰী পাৰত থকা ভূপেন হাজৰিকাৰ প্ৰতিমূর্ত্তিৰ ওচৰত এই অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত বিভিন্ন মহাবিদ্যালয় – বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ সংগীতশিল্পীসকলে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰিব ৷ ইপিনে আজি পুৱাৰ ভাগতে ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে সুধাকণ্ঠৰ প্ৰতিমুর্ত্তিত পুষ্পাঞ্জলী অর্পণ কৰি শ্ৰদ্ধা নিৱেদন কৰে ৷ ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল ভট্টাচার্যসহ কেইবাজনো শীর্ষ নেতাই সুধাকণ্ঠৰ প্ৰতিমুর্ত্তি বন্তি প্ৰজ্জ্বলন আৰু পুষ্পার্ঘ্য অর্পণ কৰে ৷ এই অনুষ্ঠানৰ পাছতে ডঃ ভট্টাচার্যই সুধাকণ্ঠৰ সমাধিস্থলী বিশ্বমান সম্পন্নভাৱে নির্মাণ কৰিবলৈ দাবী জনায় ৷ তদুপৰি গুৱাহাটী ৰেলষ্টেচনৰ নামো তেওঁ ভূপেন হাজৰিকাৰ নামত ৰাখিবলৈ দাবী উত্থাপন কৰে ৷
ইপিনে আজি সুধাকণ্ঠৰ নিজৰাপাৰস্থিত বাসগৃহ আৰু জালুকবাৰীস্থিত সমাধিক্ষেত্ৰলৈয়ো বহু লোকৰ আগমণ ঘটে ৷ এই দুয়োটা স্থানতে সুধাকণ্ঠৰ অনুৰাগীয়ে তেওঁলৈ শ্ৰদ্ধা নিৱেদন কৰে ৷ ৰাজ্যৰ আন বিভিন্ন প্ৰান্ততো সুধাকণ্ঠলৈ শ্ৰদ্ধা জ্ঞাপন কৰি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷