আহমেদাবাদত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ বিচাৰপ্ৰক্ৰিয়াৰ অন্তত আজি গুজৰাটৰ এখন বিশেষ আদালতে প্ৰদান কৰে ঐতিহাসিক ৰায়দান ৷ এই ধাৰাবাহিক বোমা বিস্ফোৰণ গোচৰৰ ৪৯ জন দোষীৰ ভিতৰত ৩৮ জনকে মৃত্যুদণ্ড দিছে আদালতে । তদুপৰি আন ১১ জন দোষীক প্ৰদান কৰা হৈছে আজীৱন কাৰাদণ্ড ৷ ৩৮ জন দোষীক ভাৰতীয় দণ্ডবিধি (আইপিচি)৩০২ আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ (ইউএপিএ) ধাৰাৰ অধীনত মৃত্যুদণ্ড প্ৰদান কৰা হৈছে। বিশেষ ন্যায়াধীশ এ আৰ পেটেলৰ আদালতে ধাৰাবাহিক বিস্ফোৰণত নিহত লোকসকলৰ পৰিয়ালৰ সদস্যসকলক ১ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰো নির্দেশ দিয়ে ৷
উল্লেখ্য যে আদালতে যোৱা সপ্তাহত এই বিস্ফোৰণত জড়িত ৪৯ জন অভিযুক্তক দোষী সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছিল ৷ আনহাতে আন ২৮ জনক নিৰ্দোষী ঘোষণা কৰা হৈছিল ৷ উল্লেখ্য যে ২০০৮ চনৰ ২৬ জুলাইত আহমেদাবাদ চহৰত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণ ৷ এই বিস্ফোৰণত ৫৬ জন লোক নিহত হোৱাৰ লগতে ২০০ জনৰো অধিক লোক আহত হয়। ইছলামিক উগ্ৰপন্থী গোট হৰকত-উল-জিহান্দ-আল-ইছলামীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল। ৭০ মিনিটৰ ব্যৱধানত সমগ্ৰ চহৰখনত সংগঠনটোৱে প্ৰায় ২১ টা বোমা বিস্ফোৰণ সংঘটিত কৰিছিল। বিস্ফোৰণত আহমেদাবাদ অসামৰিক চিকিৎসালয়কো লক্ষ্য কৰা লোৱা হৈছিল।২০০২ চনত গুজৰাটৰ গোধৰাত সংঘটিত হোৱা সংঘর্ষৰ প্ৰতিশোধ ল’বলৈ এই আক্ৰমণ সংঘটিত কৰা হৈছিল বুলিও উগ্ৰবাদী সংগঠনটোৱে প্ৰকাশ কৰিছিল ৷ পৰৱর্তী সময়ত গুজৰাট আৰক্ষীয়ে এই অপৰাধত জড়িত থকাৰ বাবে ৮৫ জন লোকক গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰে ৭৮ জন লোকৰ বিৰুদ্ধে বিচাৰপ্ৰক্ৰিয়া আৰম্ভ হয়।