অসমত ক্ৰমাৎ অনুন্নত হৈ পৰিছে কভিদ পৰিস্থিতি। কালিৰ দিনটোত ৩২২ জন লোক কভিদত আক্ৰান্ত হয়।
আনহাতে কামৰূপ মহানগৰত ১৪১ জন লোকৰ আক্ৰান্তৰ খবৰে কভিদ পৰিস্থিতি অধিক ভয়াবহ কৰি তুলিছে। কালি কামৰূপ মহানগৰৰ চাৰিটা অঞ্চলক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হয়।
ৰূপনগৰৰ মূল পথ, এ এচ টি ছি ৱৰ্কশ্বপ, জি এম চি এইচ পথ আৰু শ্ৰীমন্তপুৰ পথক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰি কঠোৰ নিৰ্দেশনা জাৰি কৰে।
৭ দিনৰ ভিতৰত একেটা অঞ্চলত ১০ জনতকৈ বেছি লোক কভিদত আক্ৰান্ত হ’লে কণ্টেইনমেণ্ট জ’ন ঘোষণা হ’ব বুলি কভিদ বিধিত উল্লেখ কৰিছিল।
আনহাতে কালিৰ দিনটোত কভিদত আক্ৰান্ত হৈ ২ জনৰ মৃত্যু হয়। ৰাজ্যখনত ০. ৮১% আক্ৰান্তৰ হাৰে সকলোকে এতিয়া চিন্তাত পেলাইছে। উপ নিৰ্বাচনৰ পিছত কভিদ পৰিস্থিতিয়ে কেনে ৰূপ ল’ব সেয়া লক্ষনীয় হ’ব।