পূজাৰ পিছৰে পৰা কামৰূপ মহানগৰত ভয়াবহ গতিত কভিদ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। কালিৰ দিনটোত আক্ৰান্তৰ সংখ্যা আছিল ১৬২ জন। কিছুদিন পূৰ্বে ২০০ তকৈ অধিক লোক কভিদ আক্ৰান্ত হওতে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল। দিনক দিনে বৃদ্ধি পোৱা ৰোগীৰ সংখ্যাই জিলা প্ৰশাসনক পুনৰ কঠোৰ স্থিতি ল’বলৈ বাধ্য কৰিব নেকি সেয়া লক্ষ্যণীয় হ’ব।
কালিৰ দিনটোত অসমত কভিদ আক্ৰান্তৰ সংখ্যা আছিল ৩৪৭ জন। ৪২,৬৭০ টা পৰীক্ষাৰ অন্তত ৮১% লোক কভিদত আক্ৰান্ত হয়। প্ৰতিদিনে বৰ্ধিত হাৰ আৰু ৩০০ ৰ ওপৰত আক্ৰান্তৰ সংখ্যা সকলোকে শংকাত পেলাইছে। কালিৰ দিনটোত ৩ জনৰ মৃত্যু হয়।
উল্লেখযোগ্য যে ৰাজ্যখনত আজিৰে পৰা কভিদ বিধি কিছু কৰিছে। ১০ বজাৰ পৰিৱৰ্তে এতিয়া নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈকে সান্ধ্য আইন জাৰী কৰা হৈছে। আনহাতে ৭ দিনৰ ভিতৰত ১০ জন লোক কভিদত আক্ৰান্ত হ’লে সেই স্থান কণ্টেইনমেণ্ট জ’ন হিচাপে পৰিগণিত হ’ব বুলি উল্লেখ কৰিছে।