সোমবাৰে পুৱা চিবিআইৰ বিষয়াই লালু প্ৰসাদ যাদৱৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱীৰ ঘৰত অভিযান চলায়। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ সূত্ৰ অনুসৰি ভূমি বিক্ৰী আৰু চাকৰিৰ দুৰ্নীতিৰ ক্ষেত্ৰত এইগৰাকী আৰজেডি নেতাক জেৰা কৰা হ’ব। ইতিমধ্যে পাটনাৰ ৰাবৰি ঘৰৰ সন্মুখত আৰক্ষী মোতায়েন কৰা হৈছে। ৰাবৰিৰ পুত্ৰ তথা আৰজেডি নেতা তেজস্বী যাদৱ বৰ্তমান বিহাৰৰ উপ-মুখ্যমন্ত্ৰী। শেহতীয়াকৈ ৯জন বিৰোধী নেতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখি বিৰোধীক হাৰাশাস্তি কৰিবলৈ চিবিআই, ইডিৰ দৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে। তাৰ ভিতৰত আছিল তেজস্বী যাদৱো । প্ৰসংগক্ৰমে এই পত্ৰ প্ৰেৰণ কৰাৰ পাছতে চিবিআইয়ে তেজস্বীৰ মাতৃ ৰাবৰিৰ ঘৰত অভিযান চলাইছিল।
২০০৪ চনৰ পৰা ২০০৯ চনলৈ যেতিয়া লালু প্ৰসাদ যাদৱ প্ৰথম ইউ পি এ চৰকাৰত ৰেল মন্ত্ৰী আছিল তেতিয়া বহু বিহাৰৰ যুৱকক ভূমিৰ বিনিময়ত ৰেলৱেত গ্ৰুপ ডি পদত নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছিল। এই ঘটনাত অভিযোগৰ আঙুলি মূলতঃ লালুৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱী আৰু তেওঁলোকৰ দুই কন্যা মিছা আৰু হেমাৰ বিৰুদ্ধে উত্থাপিত হৈছিল । বিগত বৰ্ষৰ ২০ মে’ত চিবিআইয়ে এই ঘটনাৰ তদন্তৰ বাবে দিল্লী, পাটনাকে ধৰি দেশৰ মুঠ ১৫টা স্থানত তালাচী অভিযান চলাইছিল। ইয়াৰ পিছত আগষ্ট মাহত কেইবাজনো আৰজেডি নেতাৰ ঘৰত অভিযান চলাইছিল।
ফেব্ৰুৱাৰী মাহত দিল্লীৰ ৰাউজ এভিনিউ আদালতে ‘মাটিৰ বিনিময়ত চাকৰি’ গোচৰত আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ, তেওঁৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱীকে ধৰি ১৬জন অভিযুক্তৰ বিৰুদ্ধে চমন জাৰি কৰিছিল। চিবিআইয়ে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত ১৫ মাৰ্চৰ ভিতৰত লালু প্ৰসাদ যাদৱক উত্তৰ প্ৰদান কৰিবলৈ চমন জাৰি কৰা হৈছে।
২২ অক্টোবৰত চিবিআইয়ে ‘চাকৰিৰ সলনি ভুমি’ দুৰ্নীতিৰ গোচৰত লালুপ্ৰসাদ যাদৱৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। অভিযোগনামাত লালু প্ৰসাদৰ উপৰিও লালুৰ পত্নী ৰাবৰি দেৱী, লালুৰ দুই কন্যা মিছা ভাৰতী আৰু হেমা যাদৱৰ নামো উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও চাৰ্জ শ্বীটত আৰু ১২ জন লোকৰ নাম উল্লেখ কৰা হৈছে। চিবিআইয়ে দাবী কৰিছিল যে লালু প্ৰসাদে ৰে’ল মন্ত্ৰী হিচাপে থকা সময়ছোৱাত মুম্বাই, জবলপুৰ, কলকাতাকে ধৰি বিভিন্ন ৰে’ল জ’নত বিভিন্ন ‘অযোগ্য’ ব্যক্তিক চাকৰি দিছিল। অবৈধ উপায়েৰে চাকৰি পোৱাৰ বিনিময়ত লালুৰ পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ নেতাই চাকৰি প্ৰত্যাশীসকলৰ পৰা বিপুল ধন বা মাটি উৎকোচ হিচাপে গ্ৰহণ কৰিছিল ৷