বজাৰত অত্যন্ত ব্যয়বহুল হৈ পৰিছে বিলাহী । এনে পৰিস্থিতিত বিলাহী খেতিয়কক বাৰে বাৰে দুষ্কৃতিকাৰীৰ আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে । পোহৰলৈ আহিছে আন এক ডকাইতিৰ ঘটনা। অন্ধ্ৰ প্ৰদেশৰ চিট্টুৰ জিলাৰ এজন বিলাহী খেতিয়কৰ পৰা দুৰ্বৃত্তই নগদ ৪.৫ লাখ টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছে । অভিযোগ অনুসৰি দুৰ্বৃত্তক বাধা দিবলৈ গৈ কৃষকজন আহত হয় ৷ শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা।
আৰক্ষীৰ সূত্ৰ অনুসৰি ক্ষতিগ্ৰস্ত কৃষকজনৰ নাম লোকৰাজ। তেওঁ বিলাহী লৈ পালামেনাৰু বজাৰলৈ গৈ আছিল। তেওঁৰ লগত আছিল চাৰে চাৰি লাখ টকা । বজাৰলৈ যাওঁতে পাঁচজন অচিনাক্ত যুৱকে তেওঁক আক্ৰমণ কৰে ৷ দুষ্কৃতিকাৰীয়ে কৃষকজনক সুৰাৰ বটলেৰে আঘাত কৰাৰ অভিযোগ উত্থাপন কৰিছে। দাবী কৰা হৈছে যে আক্ৰমণৰ সময়ত দুৰ্বৃত্তসকল মদ্যপান কৰি আছিল।
আহত কৃষকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সম্প্ৰতি তেওঁ চিকিৎসাধীন হৈ আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই প্ৰতিবেদন লিখাৰ সময়লৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। বিগত কেইমাহমানৰ পৰা আকাশলংঘী হৈছে বিলাহীৰ দাম। অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলোগ্ৰাম বিলাহী ২০০ টকাত বিক্ৰী হৈছে। অনাগত দিনত এই মূল্য আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। এনে পৰিস্থিতিত বিলাহী চুৰি আৰু বিলাহী খেতিয়কক আক্ৰমণৰ ঘটনাই শিৰোনাম দখল কৰিছে। কিছুদিন পূৰ্বে কৰ্ণাটকৰ হাছান জিলাৰ এজন কৃষকৰ পথাৰৰ পৰা ২.৫ লাখ টকাৰ বিলাহী চুৰিৰ অভিযোগ উত্থাপন হৈছিল। বেংগালুৰুত বিলাহী ভৰ্তি ল’ৰী এখন লুটপাত কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তামিলনাডুৰ এহাল দম্পতীক।