দিল্লীত ই-কমাৰ্চ প্লেটফৰ্ম আমাজনৰ মেনেজাৰ হিচাপে কৰ্মৰত এজন ৩৬ বছৰীয়া যুৱকক গুলীয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । নিহত যুৱকজন হৰপ্ৰীত গিল বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে জনোৱা মতে, হৰপ্ৰীত গিলৰ ওপৰত পাঁচজন লোকে গুলীচালনা কৰে ৷ এজন বন্ধুৰ সৈতে বাইকেৰে গৈ থকা অৱস্থাতে হৰপ্ৰীতক গুলীওৱা হয় ৷ মঙলবাৰে গভীৰ নিশা সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ মতে, ভজনপুৰা অঞ্চলৰ সুভাষ বিহাৰৰ সমীপত মটৰবাইকত গৈ থকা অৱস্থাত দুৰ্বৃত্তই হৰপ্ৰীতক আক্ৰমণ কৰে ৷ এটা গুলী হৰপ্ৰীতৰ মূৰত খুন্দা মৰাত তেওঁৰ থিতাতে মৃত্যু হয় ৷ আনহাতে তেওঁৰ বন্ধু গোবিন্দ সিঙৰ সোঁ কাণত গুলীয়ে আঘাত কৰে ৷
গিলে আমাজনৰ জ্যেষ্ঠ প্ৰৱন্ধক হিচাপে কাম কৰি আছিল। আনহাতে আহত ৩২ বছৰীয়া সিং ভজনপুৰাৰ বাসিন্দা আৰু ‘হাংগ্ৰী মোমোছ’ নামৰ ৰেষ্টুৰেণ্টৰ মালিক। বৰ্তমান তেওঁ এল এন জে পি হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ আটাইকেইজন অভিযুক্ত পলাতক যদিও আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি দোষীক চিনাক্ত কৰিছে।
উল্লেখ্য যে অহা ৯-১০ ছেপ্তেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব জি-২০ বৈঠক ৷ এই বৈঠকৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিকে ধৰি কেইবাখনো দেশৰ মুৰব্বীয়ে এই বৈঠকত অংশ ল’ব ৷ যাৰ বাবে কটকটীয়া কৰা হৈছে দিল্লীৰ সুৰক্ষাব্যৱস্থা ৷ ইয়াৰ মাজতে এজন যুৱকক ৰাজপথত দুবৃর্ত্তই গুলীয়াই হত্যা কৰাৰ পাছত দেশৰ ৰাজধানীৰ সুৰক্ষাব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷