আমেৰিকাৰ কাৰাগাৰত বন্দী হৈ থকা ২৬/১১ মুম্বাই আক্ৰমণৰ অন্যতম অভিযুক্ত পাকিস্তানী মূলৰ কানাডাৰ ব্যৱসায়ী টাহাউৰ ৰানাক আদালতৰ নিৰ্দেশৰ পিছতে জো বাইডেন চৰকাৰে ভাৰতক গতাই দিবলৈ প্ৰস্তুতি চলাইছে । মে’ মাহত ৱাশ্বিংটনৰ ফেডাৰেল আদালতে ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণৰ নিৰ্দেশ দিছিল। সেই আদেশক প্ৰত্যাহ্বান জনাই ৰানাই দাখিল কৰা আবেদন এতিয়া ৱাশ্বিংটনৰ নৱম চাৰ্কিট বেঞ্চৰ সন্মুখত বিচাৰাধীন হৈ আছে।
কিন্তু প্ৰত্যাৰ্পণৰ ৰায়দানৰ ওপৰত স্থগিতাদেশ বিচৰা ৰানাৰ আবেদন এই সপ্তাহতে নাকচ কৰা হয়। ফলত আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে চূড়ান্ত ৰায়ৰ বাবে অপেক্ষা নকৰাকৈয়ে প্ৰত্যাৰ্পণৰ নিৰ্দেশনাত স্বাক্ষৰ কৰিব পাৰে। এই খবৰ এই সপ্তাহত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
প্ৰায় ডেৰ দশক পূৰ্বে নতুন দিল্লীয়ে ৱাশ্বিংটনক আবেদন জনাইছিল যে মুম্বাই আক্ৰমণৰ অন্যতম অভিযুক্ত ডেভিদ ক’লমেন হেডলীৰ দীৰ্ঘদিনীয়া বন্ধু ৰানাক প্ৰত্যপর্ণৰ আহ্বান জনাইছিল ৷ কিন্তু তেওঁক প্ৰেৰণ কৰা নহ’ল ৷ বৰঞ্চ ৰাণাক জামিনত মুকলি কৰি দিয়া হয়। কিন্তু ভাৰতে অভিযোগ কৰে যে ২০০৮ চনৰ ২৬ নৱেম্বৰত পাকিস্তানৰ পৰা অহা ১০টা লস্কৰ-ই-তৈবা উগ্ৰপন্থীয়ে মুম্বাই আক্ৰমণৰ পৰিকল্পনাত ৰাণা প্ৰত্যক্ষভাৱে জড়িত আছিল।
ইয়াৰ পিছত ১৯৯৭ চনৰ দ্বিপাক্ষিক কয়দী প্ৰত্যাৰ্পণ চুক্তি অনুসৰি ভাৰতে যেতিয়া পুনৰ আবেদন কৰিছিল তেতিয়া ২০২০ চনৰ জুন মাহত মুম্বাই আক্ৰমণৰ গোচৰত আমেৰিকান আৰক্ষীয়ে পুনৰ ৰাণাক গ্ৰেপ্তাৰ কৰিছিল। কেলিফৰ্ণিয়াৰ এখন আদালতত ৰাণাই জামিন আবেদন দাখিল কৰিছিল যদিও ডেৰ বছৰ পূৰ্বে জামিন আবেদন নাকচ হৈছিল। ফলত তেওঁৰ প্ৰত্যাৰ্পণৰ পথ মুকলি হৈ পৰে। প্ৰসংগক্ৰমে দুবছৰমান পূৰ্বে নতুন দিল্লীয়ে ২০০৮ চনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত ৰাণাক প্ৰত্যাৰ্পণৰ বাবে অনুৰোধ জনাইছিল। বাইডেনৰ চৰকাৰেও ভাৰতৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ৰাণাক পঠিয়াবলৈ সন্মতি প্ৰকাশ কৰি আদালতক অৱগত কৰে।