যুদ্ধবিধ্বস্ত ইউক্ৰেইনলৈ অধিক সামৰিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে আমেৰিকাই ৷ স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি প্ৰায় ৪০ কোটি ডলাৰৰ অস্ত্ৰ-শস্ত্ৰ প্ৰেৰণ কৰা হ’ব দেশখনলৈ । বিষয়টো প্ৰকাশ পোৱাৰ লগে লগে ৰাছিয়াই ক্ষোভ প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে আমেৰিকাই ক্ষোভ প্ৰকাশ কৰি কয় যে চীনে ৰাছিয়াক অস্ত্ৰ যোগান ধৰিছে ৷
এই নতুন অস্ত্ৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো কথা ঘোষণা কৰা নাই আমেৰিকা চৰকাৰে। নাম প্ৰকাশ নকৰাৰ চৰ্তত প্ৰশাসনৰ দুজন বিষয়াই কয় যে সাহায্যৰ পৰিমাণ ৪০ কোটি ডলাৰ। তেওঁলোকৰ মতে, আমেৰিকাই প্ৰেৰণ কৰা নতুন অস্ত্ৰভাণ্ডাৰৰ ভিতৰত থাকিব ‘গাইডেড মাল্টিপল লঞ্চ ৰকেট’ (জিএমএলআৰএছ), ‘ব্ৰেডলি ফাইটিং ভেহিকেলছ’ আৰু হিমাৰ লঞ্চাৰৰ বাবে সশস্ত্ৰ যুদ্ধ জাহাজ। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে আজি জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্বলজৰ সৈতে সাক্ষাৎ কৰে। দুয়োপক্ষই ইউক্ৰেইনৰ যুদ্ধৰ বিষয়ে কথা পাতিছিল। আমেৰিকাৰ নতুন অস্ত্ৰ সাহায্যৰ বিষয়েও আলোচনা কৰা হয়।
ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াই দুয়োখন দেশক ‘সকীয়াই দিছে’।মস্কোৱে পশ্চিমীয়া দেশসমূহে অধিক অস্ত্ৰ-শস্ত্ৰ প্ৰেৰণ কৰিলে তেওঁলোকৰ ক্ষতি হ’ব বুলি প্ৰকাশ কৰিছে । আমেৰিকা-জাৰ্মানীয়ে প্ৰশ্ন কৰে যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধক লৈ চীনে কিয় চকু মুদি আহিছে ! মস্কোৱে দাবী কৰে যে পশ্চিমীয়া দেশসমূহে প্ৰথমে ইউক্ৰেইনক সমৰ্থন কৰা বন্ধ কৰক। তেওঁলোকৰ মতে, আমেৰিকা-ইউৰোপে ইউক্ৰেইনক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি যুদ্ধখন দীঘলীয়া কৰি তুলিছে। ইয়াৰ বাহিৰেও তেওঁলোক নিজেই আৰ্থিক লোকচানৰ সন্মুখীন হৈছে। ক্ৰেমলিনৰ মুখপাত্ৰ ডিমিট্ৰি পেস্কোভে কয় যে, “এই ধৰণে অস্ত্ৰ যোগান ধৰি ঋণৰ বোজা পশ্চিমৰ ওপৰত জাপি দিয়া হৈছে। এই আটাইকেইখন দেশৰ বাসিন্দাৰ জীৱন ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত জাৰ্মানীও অন্তৰ্ভুক্ত।“
জাৰ্মানীয়ে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। তেওঁলোকে দাবী কৰে যে চীন ৰাছিয়াৰ বন্ধু। তেওঁলোকে মধ্যস্থতা কৰক। অস্ত্ৰ-শস্ত্ৰ নিদিয়াকৈ যুদ্ধ বন্ধ কৰিবলৈ চেষ্টা কৰক। ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ সৈন্য আঁতৰি যাবলৈ চীনে হেঁচা প্ৰয়োগ কৰিব লাগে ৷