এপলৰ মোবাইল ফোন আৰু টেবলেটৰ জৰিয়তে আমেৰিকাই ৰাছিয়াৰ ওপৰত চোৰাংচোৱাগিৰি কৰিছে। ৰাছিয়াৰ চোৰাংচোৱাৰ এই দাবীৰ পিছতে ৰাছিয়াই ডিজিটেল ডেভেলপমেণ্ট মন্ত্ৰালয়ৰ কৰ্মচাৰীসকলে দৈনন্দিন কাম-কাজত এপল আইফোন আৰু আইপেড ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰে। কিন্তু ব্যক্তিগত কামৰ বাবে এপলৰ মোবাইল বা টেবলেট ব্যৱহাৰ কৰাত বাধা দিয়া হোৱা নাই। ডিজিটেল ডেভেলপমেন্ট মন্ত্ৰী মাকছুট ছাদায়েভৰ উদ্ধৃতি দি ৰাছিয়াৰ সংবাদ সংস্থা ইন্টাৰফেক্সে এই কথা প্ৰকাশ কৰিছে।
সংবাদ মাধ্যমৰ আগত ছাদায়েভে কয় –“ আমাৰ মন্ত্ৰালয়ৰ কৰ্মচাৰীসকলক ইমেইল কৰাৰ বাবে আৰু কৰ্মক্ষেত্ৰত বিভিন্ন এপ্লিকেচন ব্যৱহাৰ কৰাৰ বাবে এপল মোবাইল, স্মাৰ্টফোন আৰু টেবলেট ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিন্তু তেওঁলোকে ব্যক্তিগত প্ৰয়োজনৰ বাবে আইফোন ব্যৱহাৰ কৰিব পাৰে।“
সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি দুমাহ পূৰ্বে ৰাছিয়াৰ চোৰাংচোৱা সংস্থা ফেডাৰেল ছিকিউৰিটি চাৰ্ভিচে আমেৰিকাক চোৰাংচোৱাগিৰিৰ অভিযোগ উত্থাপন কৰিছিল। আমেৰিকাৰ বহুজাতিক কোম্পানীটোৰ বিৰুদ্ধে তেওঁলোকৰ দাবী যে হাজাৰ হাজাৰ এপলৰ ডিভাইচৰ নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ কৰা হৈছে। সেই সুৰুঙাৰ বাবেই আমেৰিকাই ৰাছিয়াক নিৰীক্ষণ কৰি আছে। ৰাছিয়াৰ এই অভিযোগ অস্বীকাৰ কৰাৰ পিছতো এপলে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই।
যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত ইউক্ৰেইনৰ বিৰুদ্ধে “সামৰিক অভিযান” আৰম্ভ হোৱাৰ পিছৰে পৰা এপলে ৰাছিয়াত নিজৰ সকলো সামগ্ৰী বিক্ৰী বন্ধ কৰি দিছে। আনকি, তেওঁলোকে ‘এপল পে’ৰ দৰে সেৱা কৰ্তন কৰিছে। শেহতীয়াকৈ ৰাছিয়া প্ৰশাসনে এপলে ইউক্ৰেইনৰ যুদ্ধৰ বিষয়ে ‘ভুল তথ্য’ৰ বিষয়বস্তু প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে। সেই অভিযোগৰ বাবে ৰাছিয়াৰ এখন আদালতেও এপলক জৰিমনা বিহিছিল।