পাকিস্তানৰ বেলুচিস্তানত সংঘটিত হৈছে আন এক ভয়াৱহ বিস্ফোৰণ। শুকুৰবাৰে প্ৰদেশখনৰ মাস্তাং জিলাৰ সদৰ চহৰত ধৰ্মীয় সমাৱেশত সংঘটিত হোৱা বিস্ফোৰণত কমেও ৫০ জন লোক নিহত হয়। পাকিস্তানৰ “দ্য ডন” কাকতত প্ৰকাশ পোৱা অনুসৰি গুৰুতৰভাৱে আহত লোকৰ সংখ্যা ১৩০ জনতকৈ অধিক। নিহতসকলৰ ভিতৰত আছে এজন ডি এছ পিকে ধৰি বেলুচিস্তানৰ আৰক্ষী জোৱান।
ঈদ-ই-মিলাদুন উৎসৱ উপলক্ষে আয়োজন কৰা শোভাযাত্ৰাৰ সমাৱেশৰ সময়ত আলফালাহ পথৰ মদীনা মছজিদৰ সন্মুখত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি মুস্তাংগৰ সহকাৰী আয়ুক্ত আটাহুল মুনিমে জানিবলৈ দিয়ে। ততাতৈয়াকৈ আহতসকলক ওচৰৰ শ্বহীদ নবাব ঘৌছ বখছ ৰাইছানী মেম’ৰিয়েল হস্পিতাললৈ প্ৰেৰণ কৰা হয়। বিস্ফোৰণত কেইবাখনো বাহনৰ লগতে কাষৰ কেইখনমান দোকানৰ ক্ষতিসাধন হয়।
বালুচ নেচনেলিষ্ট আৰ্মি (বিএনএ), বেলুচিস্তান লিবাৰেশ্যন আৰ্মি (বিএলএ) আৰু তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি)ৰ দৰে স্বাধীনতা সমৰ্থক সশস্ত্ৰ সংগঠনো এই অঞ্চলত সক্ৰিয় হৈ আছে। শেহতীয়াকৈ টিটিপিয়ে স্বাধীনতা সমৰ্থক বেলুচৰ সৈতে পাকিস্তান সেনাৰ বিৰুদ্ধে যুঁজিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । চলিত মাহৰ আৰম্ভণিতে মাস্তাঙত বিস্ফোৰণত নিহত হৈছিল ‘ইছলামপন্থী সমৰ্থক’ জমিয়ত উলেমা-ই-ইছলামৰ ফাজল নেতা হাফিজ হামিদুল্লা। কিন্তু বিস্ফোৰণৰ কিছু সময়ৰ পাছতে টিটিপিয়ে এক বিবৃতি প্ৰকাশ কৰি ঘটনাৰ দায়িত্ব অস্বীকাৰ কৰে।