পুনৰ বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লে খুন্দা মৰাৰ ফলত মৃত্যু হয় এটা গৰু। এইবাৰ মহাৰাষ্ট্ৰৰ ডাহনু অঞ্চলত এই ঘটনা সংঘটিত হয় । যাৰ বাবে গুজৰাটৰ গান্ধীনগৰৰ পৰা মুম্বাইলৈ যাত্ৰা কৰা বন্দে ভাৰত এক্সপ্ৰেছ কিছু সময়ৰ বাবে ৰখাই দিয়া হয়। ইয়াৰ পিছত ৰে’লখন পুনৰ গন্তব্যস্থানলৈ ৰাওনা হ’ল। এই ঘটনাৰ বাবে কোনো লোক আহত হোৱা নাই, ৰে’লখনৰো কোনো ক্ষতি হোৱা নাই।
মঙলবাৰে সন্ধিয়া গান্ধীনগৰৰ পৰা মুম্বাইলৈ গৈ আছিল বন্দে ভাৰত। দহানু ষ্টেচনৰ সমীপত মহাৰাষ্ট্ৰ সীমান্ত পাৰ হোৱাৰ সময়তে গৰুৰ এটা জাকক খন্দা মাৰে বন্দে ভাৰতে ৷ইয়াৰ ফলত কোনো যাত্ৰী আহত হোৱা নাই বুলি পশ্চিম ৰেলৱেৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে। ট্ৰেইনখনৰো একো ক্ষতি হোৱা নাই ৷ কিন্তু ৰেলখন ৰৈ যায় ৷ পশ্চিম ৰেলৱেৰ উমৰগাম-ঘোলবাদ অংশৰ সেই ঠাইতে সন্ধিয়া ৭:৫০ বজাত বন্দে ভাৰত ৰৈছিল। তাৰ সাত মিনিট পিছত সন্ধিয়া ৭:১২ বজাত বন্দে ভাৰত পুনৰ গন্তব্যস্থানলৈ ৰাওনা হয়।
এই অঞ্চলত পশ্চিম ৰে’লৱে মুম্বাইৰ পৰা গান্ধীনগৰলৈ যোৱা লাইনৰ দুয়োকাষে লোহাৰ বেৰেৰে আগুৰি দিয়াৰ কাম কৰি আছে। যাতে ভুলতে ৰে’ললাইনৰ ওপৰেৰে গৰু বা আন জন্তু আহিব নোৱাৰে। কিন্তু ৩৭৮ মিটাৰ এলেকাত এতিয়াও কোনো ধৰণৰ বেৰ দিয়া হোৱা নাই। ফলত ঠাইখন অসুৰক্ষিত হৈ আছে।