VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পুটিনৰ বিৰুদ্ধে মাত মাতিলেই জেল অথবা নির্বাসন , একছত্ৰী সম্ৰাটত পৰিণত ৰাছিয়াৰ ৰাষ্ট্ৰপতি

voicedesk by voicedesk
April 3, 2023
in মুখ্য সংবাদ
প্ৰাণৰ শংকাঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতিক হত্যাৰ ষড়যন্ত্ৰ, কোনোমতে প্ৰাণ ৰক্ষা
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইনত ৰাছিয়াৰ আগ্ৰাসনক লৈ সমগ্ৰ বিশ্ব কাৰ্যতঃ অস্থিৰ হৈ পৰিছে। কিন্তু ৰাছিয়াৰ বিৰোধী দলসমূহে চৰকাৰী কাম-কাজক লৈ সম্পূর্ণ নিমাত ৷ যোৱা এটা বছৰত কোনেও যুদ্ধৰ বিষয়ে কোনো কথা উচ্চাৰণ কৰা নাই ! ইয়াৰ আঁৰতো আছে ৰহস্য ৷কূটনীতিবিদসকলে প্ৰকাশ কৰা অনুসৰি  ৰাছিয়াত ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ বিৰুদ্ধে কাৰো ক্ষমতা  নাই। তেওঁ অপ্ৰতিৰোধ্য। যিসকলে এসময়ত তেওঁৰ বিৰুদ্ধে মাত মাতিছিল তেওঁলোকক হয় নিৰ্বাসিত কৰা হৈছে নহয় কাৰাগাৰত ভৰোৱা হৈছিল। বহুতক হত্যা কৰা হৈছে।

 

এই অধ্যায়টো বহু বছৰৰ আগতে আৰম্ভ হৈছিল। কূটনীতিবিদসকলে কয় যে শাসন ব্যৱস্থাৰ আৰম্ভণিতে পুটিনে প্ৰথমে ৰাছিয়াৰ টাইকুনসকলৰ ক্ষমতাক আক্ৰমণ কৰিছিল। বিশেষকৈ যিসকলৰ ৰাজনৈতিক উচ্চাকাংক্ষা আছিল। উদাহৰণস্বৰূপে, ২০০৩ চনত ৰাছিয়াৰ তেল কোম্পানী ইউকোছৰ মুৰব্বী মিখাইল খোড’ৰক’ভস্কিক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে কৰ ফাঁকি, চুৰি আৰু লগতে বিৰোধী দলক ধন আগবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছিল। দহ বছৰৰ কাৰাদণ্ডৰ অন্তত মুকলি হ’ল মিখাইল। কিন্তু মুক্তিৰ পিছত তেওঁ আৰু ৰাছিয়াত নাথাকিল। ৰাছিয়াৰ আন এজন টাইকুন বৰিছ বেৰেজ’ভস্কিয়ে এবাৰ পুটিনক ক্ষমতালৈ অহাত সহায় কৰিছিল। কিন্তু পিছত পুটিনৰ সৈতে তেওঁৰ সম্পৰ্ক তিক্ত হৈ পৰিল। দেশ এৰি ব্ৰিটেইনলৈ যাব লগা হ’ল। ২০১৩ চনত তাতেই তেওঁৰ মৃত্যু হয়। তেওঁ আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে।  ইয়াৰ ওপৰত জল্পনা-কল্পনা চলি আছে। অভিযোগ অনুসৰি ৰাছিয়াৰ প্ৰেছও প্ৰায় চৰকাৰী সংস্থা হৈ পৰিছে।

বৰ্তমান ৰাছিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিৰোধী নেতা হৈছে আলেক্সেই নাভালনি। তেওঁ সম্প্ৰতি জেলত আছে। জেলৰ পৰাই তেওঁ পুটিনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আৰম্ভ কৰে। তেওঁ কয় , “ঘৃণনীয় অপৰাধ, পুটিনে আগ্ৰাসনৰ নামত যুদ্ধ চলাই হাজাৰ হাজাৰ লোকক হত্যা কৰিছে।”

 

২০১০ চনলৈকে নাভালনি যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। সেই সময়ত তেওঁৰ চৰকাৰ বিৰোধী সভাত বহু লোকে যোগদান কৰিছিল। ছ’চিয়েল মিডিয়াৰ জৰিয়তেও তেওঁৰ জনপ্ৰিয়তা বিয়পি পৰিছিল। তেওঁ সৃষ্টি কৰিলে দুৰ্নীতি বিৰোধী প্ৰতিষ্ঠান। ২০২১ চনত ৰাছিয়া চৰকাৰে ইয়াক উগ্ৰপন্থী সংগঠন বুলি ঘোষণা কৰিছিল। তাৰ লগতে সংগঠনটোৰ ৰাজনৈতিক উদ্দেশ্য আছে বুলি অভিযোগ কৰি নিষিদ্ধ ঘোষণা কৰা হয়। ইফালে ২০২০ চনৰ আগষ্ট মাহত চাইবেৰিয়া ভ্ৰমণৰ সময়ত নাভালনীক নভিচক নামৰ এক প্ৰকাৰৰ বিষ দি হত্যাৰ চেষ্টা কৰা হৈছিল। সেনাবাহিনীৰ এনে স্নায়ু এজেণ্ট বা বিষ থাকে। সেই আক্ৰমণত তেওঁৰ প্ৰায় মৃত্যু হৈছিল। নাভালনীক চিকিৎসাৰ বাবে জাৰ্মানীলৈ বিমানেৰে লৈ যোৱা হয়। তেওঁ কেনেবাকৈ মৃত্যুৰ পৰা ৰক্ষা পৰিল। ২০২১ চনৰ জানুৱাৰী মাহত নাভালনি ৰাছিয়ালৈ উভতি আহিছিল। তেওঁৰ দেশলৈ উভতি অহাৰ ফলত বিৰোধী দলটো বহুখিনি সজীৱ হৈ উঠিছিল। কিন্তু সেয়াও সাময়িক। তাৰ কিছুদিন পিছতে নাভালনীক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ বিৰুদ্ধে জালিয়াতি আৰু আদালত অৱমাননাৰ অভিযোগ উত্থাপন হৈছিল। তেওঁক ৯ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। এই ঘটনাৰ পিছতে নাভালনীৰ সহযোগীসকল বহিঃৰাষ্ট্ৰলৈ পলায়ন কৰে। নাভালনিৰ সোঁহাত লিঅ’নিড ভলকভৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। তেওঁ ৰাছিয়াও এৰি গুচি গ’ল।

 

পুটিনৰ আন এজন সমালোচক হৈছে ইলিয়া ইয়াছিন। যুদ্ধ আৰম্ভ হোৱাৰ পিছত ২০২২ চনৰ এপ্ৰিল মাহত তেওঁ লাইভ ষ্ট্ৰীমিং কৰিছিল। তেওঁ কয়, ‘পুটিন এই যুদ্ধৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী।’ ইয়াৰ পিছত ইয়াছিনক “ইচ্ছাকৃতভাৱে ভুৱা তথ্য বিয়পোৱাৰ” অভিযোগত  ৮ বছৰৰ কাৰাদণ্ড বিহা হয়।

 

ৰাছিয়াৰ সাংবাদিক তথা সমাজ কৰ্মী ব্লাডিমিৰ কাৰা-মুৰ্জাক একে অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পূৰ্বে ২০১৫ চনত, তাৰ পিছত ২০১৭ চনত এইজন সাংবাদিকক দুবাৰকৈ ৰহস্যজনকভাৱে বিষক্ৰি দি হত্যাৰ চেষ্টা  কৰা হৈছিল। এইবাৰ ভুৱা তথ্য বিয়পোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয় । অভিযোগ প্ৰমাণিত হ’লে তেওঁৰ ২৫ বছৰৰ কাৰাদণ্ড হ’ব পাৰে। ৰাছিয়াত পুটিন বিৰোধীৰ ইমানবোৰ লক্ষণ দেখা গৈছে। শেহতীয়াকৈ এজন ৰাছিয়ান গায়কৰ এটা গীত যুদ্ধৰ শ্লোগানত পৰিণত হৈছে। ইয়াৰ পিছত তেওঁৰ মৃত্যুৰ খবৰ আহিল। ভলগা নদীৰ বৰফত পৰি ৰহস্যজনকভাৱে তেওঁৰ মৃত্যু হয়।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

ৰমজানত বজাইছিল সংগীত, মহিলাৰ দ্বাৰা পৰিচালিত ৰেডিঅ’ ষ্টেচনেই বন্ধ কৰি দিলে তালিবানে ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ৰমজানত বজাইছিল সংগীত, মহিলাৰ দ্বাৰা পৰিচালিত ৰেডিঅ’ ষ্টেচনেই  বন্ধ কৰি দিলে তালিবানে ?

ৰমজানত বজাইছিল সংগীত, মহিলাৰ দ্বাৰা পৰিচালিত ৰেডিঅ’ ষ্টেচনেই বন্ধ কৰি দিলে তালিবানে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7