প্ৰযুক্তি কোম্পানী এপলে এসময়ত ‘বিশেষ সংগ্ৰহ’ হিচাপে কিছুমান স্নিকাৰ প্ৰস্তুত কৰিছিল যদিও এই জোতা কেতিয়াও সাধাৰণ জনতাৰ বাবে মুকলি কৰা হোৱা নাছিল। বহু বছৰৰ পাছত এপলে সেই বিশেষ জোতাবোৰ ক্ৰয় কৰাৰ সুযোগ সাধাৰণ জনতাৰ মাজলৈ লৈ আহিছে।
এই স্নিকাৰসমূহ কেৱল এপলৰ কৰ্মচাৰীৰ বাবে নিৰ্মাণ কৰা হৈছিল আৰু এই জোতাসমূহ আগতে কেতিয়াও বিক্ৰীৰ বাবে বজাৰত উলিওৱা হোৱা নাছিল। এই স্নিকাৰসমূহ কোম্পানীটোৱে ১৯৯০ চনত এপলৰ ‘ৰাষ্ট্ৰীয় বিক্ৰী সন্মিলন’ৰ সময়ত কৰ্মচাৰীসকলক দিবলৈ ডিজাইন কৰিছিল। এইবাৰ সীমিত সংস্কৰণৰ স্নিকাৰসমূহ জনসাধাৰণৰ বাবে নিলাম কৰিছে সাদাভিজ নামৰ কোম্পানী এটাই।
কোম্পানীটোৱে তেওঁলোকৰ ৱেবছাইটত এক বিবৃতিত কয়, ‘এই বগা স্নিকাৰত এপলৰ পুৰণি ৰামধেনুৰ ল’গ’ থাকিব। এপলৰ পুৰণি কৰ্মচাৰীৰ বাহিৰে এই স্নিকাৰবোৰ আগতে কোনেও দেখা নাই। সাধাৰণ জনতাৰ বাবে এই জোতা কিনাৰ সুযোগ সেয়েহে যথেষ্ট আকৰ্ষণীয়।
সেই সময়ত এপল কোম্পানীয়ে নিজেই প্ৰকৃততে এই স্নিকাৰবোৰ নিৰ্মাণ কৰা নাছিল। এটা বিশেষ সংগ্ৰহৰ বাবে তেওঁলোকে ওমেগা স্প’ৰ্টছৰ সৈতে যৌথ উদ্যোগত এই স্নিকাৰসমূহ তৈয়াৰ কৰিছিল। সেই সময়ত এপলে হোণ্ডা আৰু ব্ৰাউনৰ দৰে কেইবাটাও কোম্পানীৰে কাম কৰিছিল ৷
এই স্নিকাৰৰ দাম প্ৰথমে ৫০ হাজাৰ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৪২ লাখ টকা) নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে এই জোতাৰ দাম নিলামত ইয়াতকৈ বহু বেছি হ’ব বুলি আশাবাদী সদাবিজে।