VOICE 24x7
Sunday, September 24, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উচ্চতম ন্যায়ালয়ে ‘অবৈধ’ বুলি অভিহিত কৰা সঞ্জয় কুমাৰ মিশ্ৰৰ ইডি মুৰব্বী পদৰ ম্যাদ বৃদ্ধি কৰিব বিচাৰিছে কেন্দ্ৰই, উচ্চতম ন্যায়ালয়ত নতুন আৱেদন দাখিল

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 26, 2023
in মুখ্য সংবাদ, সংবাদ গুঞ্জন
উচ্চতম ন্যায়ালয়ে ‘অবৈধ’ বুলি অভিহিত কৰা  সঞ্জয় কুমাৰ মিশ্ৰৰ ইডি মুৰব্বী পদৰ ম্যাদ বৃদ্ধি কৰিব বিচাৰিছে কেন্দ্ৰই, উচ্চতম ন্যায়ালয়ত নতুন আৱেদন দাখিল
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

 

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিৰ মুৰব্বী হিচাপে সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল বৃদ্ধিৰ বাবে কেন্দ্ৰই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। বুধবাৰে ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত অনুষ্ঠিত বিচাৰপীঠত কেন্দ্ৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই আবেদন জনাইছে। শুকুৰবাৰৰ ভিতৰত এই বিষয়ৰ শুনানি গ্ৰহণ কৰিবলৈ কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক অনুৰোধ জনাইছে। উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে বিয়লি ৩:৩০ বজাত কেন্দ্ৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে। ইয়াৰ পূৰ্বে শীৰ্ষ আদালতে সঞ্জয় মিশ্ৰৰ ইডি সঞ্চালক হিচাপে কাৰ্যকাল তৃতীয়বাৰৰ বাবে বৃদ্ধি কৰা কেন্দ্ৰীয় চৰকাৰৰ আদেশক ‘অবৈধ’ বুলি অভিহিত কৰিছিল। অৱশ্যে একে সময়তে আদালতে কয় যে সঞ্জয় ৩১ জুলাইলৈকে সেই পদত থাকিব পাৰিব। অৰ্থাৎ অহা সোমবাৰে তেওঁৰ কাৰ্যকাল অন্ত পৰিব ৷

 

ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া সঞ্জয় কুমাৰ মিশ্ৰক প্ৰথমবাৰৰ বাবে ২০১৮ চনত বলবৎকাৰী সঞ্চালকালয়ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল। সেইবাৰ কেন্দ্ৰই তেওঁক দুবছৰৰ বাবে সেই দায়িত্ব দিছিল। ইয়াৰ পিছত ২০২০ চনত তেওঁৰ কাৰ্যকাল আৰু এবছৰ বৃদ্ধি কৰা হয়। এই নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ পুৰণি নিয়মাৱলী সংশোধন কৰা হয়।

 

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে সঞ্জয় কুমাৰ মিশ্ৰৰ ইডি সঞ্চালকৰ কাৰ্যকাল একেৰাহে তিনিটা কাৰ্যকালৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰা হয়। কিন্তু উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ যুক্তি আছিল যে ইডিয়ে আৰ্থিক দুৰ্নীতিৰ বহু গুৰুত্বপূৰ্ণ গোচৰৰ তদন্ত কৰি আছে। ফলত সেই সকলোবোৰ তদন্তৰ স্বাৰ্থত সঞ্জয়ৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে। কিন্তু ২০২১ চনৰ ছেপ্টেম্বৰ মাহত এই গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে সেই তদন্তৰ স্বাৰ্থত অৱসৰৰ পিছতো সঞ্জয়ৰ কাৰ্যকাল কিছু সময়ৰ বাবে বৃদ্ধি হ’ব পাৰে। কিন্তু তাৰ পিছত সময়সীমা বৃদ্ধি কৰিব নোৱাৰিব।

 

প্ৰসংগক্ৰমে ২০২১ চনৰ নৱেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সতৰ্কতা আয়োগ আইন আৰু দিল্লী বিশেষ আৰক্ষী প্ৰতিষ্ঠা আইন সংশোধন কৰিছিল। সংশোধিত নিয়ম অনুসৰি চিবিআইৰ মুৰব্বী আৰু ইডি সঞ্চালকৰ কাৰ্যকাল তিনি বছৰ বৃদ্ধি কৰিব পাৰে। সংশোধিত নিয়মৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালা, জয়া ঠাকুৰ, তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই। কেন্দ্ৰীয় চৰকাৰৰ হৈ উচ্চতম ন্যায়ালয়ত আবেদন জনায় ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই। যোৱা মে’ মাহৰ শুনানিৰ সময়ত তেওঁ যুক্তি দিছিল যে এই বিষয়া (সঞ্জয় কুমাৰ মিশ্ৰ) কোনো ৰাজ্যৰ ডিজিপি নহয়। ৰাষ্ট্ৰসংঘৰ দৰে সংস্থা এটাক প্ৰতিনিধিত্ব কৰা এজন বিষয়া। আদালতে ইয়াত হস্তক্ষেপ কৰা উচিত নহয়।

 

কেন্দ্ৰীয় চৰকাৰৰ হৈ উচ্চতম ন্যায়ালয়ত হাজিৰ হোৱা অধিবক্তাই লগতে কয়, ‘তেওঁ (সঞ্জয়) আৰ্থিক জালিয়াতিৰ কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ তদন্তৰ দায়িত্বত আছে। ৰাষ্ট্ৰৰ স্বাৰ্থত তেওঁৰ প্ৰয়োজন। কিন্তু ২০২৩ চনৰ নৱেম্বৰৰ পিছত তেওঁ এই পদত অধিষ্ঠিত নহ’ব।” ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰিছিল যে ২০২১ চনৰ ৰায়দানত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে ইডিৰ সঞ্চালক হিচাপে অৱসৰৰ পিছতো এজন বিষয়াৰ কাৰ্যকাল বৃদ্ধি কম সময়ৰ বাবে হ’ব। সেই সময়ত স্পষ্টকৈ কোৱা হৈছিল যে সঞ্জয় কুমাৰৰ কাৰ্যকাল বৃদ্ধি কৰিব নোৱাৰিব।

​

Previous Post

মণিপুৰত হিংসা আৰু বৰ্বৰতাৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ আম আদমি পাৰ্টীৰ

Next Post

আইফোনতকৈয়ো দামী !!! এপলৰ বিশেষ জোতাৰ নিলামত কিমান দাম নির্ধাৰণ কৰা হৈছে ??

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
আইফোনতকৈয়ো দামী !!! এপলৰ বিশেষ জোতাৰ  নিলামত কিমান দাম নির্ধাৰণ কৰা হৈছে ??

আইফোনতকৈয়ো দামী !!! এপলৰ বিশেষ জোতাৰ নিলামত কিমান দাম নির্ধাৰণ কৰা হৈছে ??

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7