উত্তৰ কাশ্মীৰৰ গুৰেজ চেক্টৰত লাইন অৱ কন্ট্ৰ’ল( এল অ’ চি)ৰ ওচৰত ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় ৷ চিতা হেলিকপ্টাৰখনে সীমান্ত সুৰক্ষা বাহিনী(বি এছ এফ)ৰ জোৱানৰ এটা দল কঢ়িয়াই আনিবলৈ হেলিকপ্তাৰখন ৰাওনা হৈছিল । অসুস্থ বি এছএ ফৰ জোৱানসকল আনিবলৈ হেলিকপ্টাৰখন প্ৰেৰন কৰা হৈছিল ৷
জম্মু আৰু কাশ্মীৰৰ বান্দিপোৰা জিলাৰ গুৰেজ চেক্টৰৰ গুজৰান নাল্লাৰ ওচৰত হেলিকপ্টাৰ দুৰ্ঘটনাটো সংঘটিত হয় । নিয়ন্ত্ৰণ ৰেখাৰ অত্যন্ত সমীপতে এই দূর্ঘটনা সংঘটিত হোৱা বুলি বিষয়াসকলে প্ৰকাশ কৰিছে ৷ দুৰ্ঘটনাটোৰ কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই ৷ বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি পাইলট আৰু সহ-পাইলট হেলিকপ্টাৰখনত আছিল। অঞ্চলটো সম্পূৰ্ণৰূপে বৰফাবৃত হৈ আছে । উদ্ধাৰকাৰী দল খোজকাঢ়ি ঘটনাস্থলীলৈ ৰাওনা হৈছে ৷