ভাৰতীয় সেনাৰ ডগ স্কোয়াডৰ লেব্ৰাডৰ কেণ্টে সন্ত্ৰাসবাদীৰ সন্ধানত প্ৰাণ হেৰুৱায়। পলাতক উগ্ৰপন্থীৰ সন্ধানত ভাৰতীয় সেনাৰ সৈতে কেণ্টে গৈছিল। হঠাৎ প্ৰচণ্ড গুলীয়াগুলী আৰম্ভ হ’ল। উগ্ৰপন্থী আৰু সেনাৰ মাজত গুলীচালনা আৰম্ভ হয় । গুলীচালনাৰ সময়ত কেণ্টে নিজৰ হেণ্ডলাৰক বচাবলৈ চেষ্টা কৰে ৷ সেই সময়তে ৬ বছৰীয়া লেব্ৰাডৰ কেণ্ট নামৰ কুকুৰটো গুলীৱিদ্ধ হয় ৷ জম্মু-কাশ্মীৰৰ নৰলা গাঁৱৰ ৰাজোলি অঞ্চলত সংঘটিত হৈছে এই ঘটনা।
পিটিআইৰ সূত্ৰ অনুসৰি কেণ্ট হৈছে লেব্ৰাডৰ জাতৰ মাইকী কুকুৰ। কেণ্ট আছিল ২১ নং সেনা ডগ ইউনিটতৰ অংশ । পলায়ন কৰা উগ্ৰপন্থীসকলক বিচাৰি উলিয়াবলৈ জোৱানৰ এটা দলৰ সৈতে ‘অপাৰেচন সুজালিগালা’ত অংশ লৈছিল কেণ্টে। হঠাৎ দুয়োপক্ষৰ মাজত গুলীচালনা হয়। কেণ্টে কেণ্টৰ ‘হেণ্ডলাৰ’ সৈনিকজনক বচাবলৈ চেষ্টা কৰে। কিন্তু গুলীয়ে কেণ্টৰ শৰীৰত আঘাত কৰে ৷ থিতাতে মৃত্যু হয় কেণ্টৰ। কেণ্টৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ভাৰতীয় সেনাই।
জম্মু অঞ্চলৰ আৰক্ষী বিষয়া মুকেশ সিঙে কয় যে গুলীচালনাৰ ফলত এজন পাকিস্তানী উগ্ৰপন্থীৰ মৃত্যু হৈছে। এজন জোৱানেও হেৰুৱালে প্ৰাণ। ঘটনাস্থলীত উপস্থিত তিনিজন লোক গুৰুতৰভাৱে আহত হয়। জম্মু আৰক্ষীয়ে জনোৱা মতে, ইয়াৰে দুজন জোৱান আৰু এজন আৰক্ষী জোৱান।