বিগত কেইবাদিনো ধৰি হোৱা নেৰা নেপেৰা বৰক্ষুণৰ ফলত গুৱাহাটীত সৃষ্টি হৈছে কৃত্ৰিম বানৰ ৷ মহানগৰী খনৰ বিভিন্ন প্ৰান্ত জলমগ্ন হৈ পৰিছে ৷ বিশেষকৈ মহানগৰীৰ কৃত্ৰিম বানত অনিল নগৰ আৰু নবীন নগৰত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা ৷ অঞ্চলটোৰ ৰাস্তা-ঘাত , ঘৰ দুৱাৰ সম্পূর্ণৰূপে পানীত ডুব যোৱাৰ ফলত গৃহবন্দী হৈ পৰিছে এই অঞ্চলসমূহৰ লোক ৷ যাৰ পৰিপ্ৰেক্ষিতত আজি মহানগৰীত উদ্ধাৰ অভিযান চলাবলগীয়া হ’ল এছডিআৰএফ বাহিনীয়ে ৷ মহানগৰীৰ মাজমজিয়াৰ ৰাজগড়পথত গাড়ী নহয়, এছডিআৰএফৰ নাওহে চলা পৰিলক্ষিত হয় ৷
কৃত্ৰিম বানত আৱদ্ধ লোকসকলৰ বাবে কামৰূপ জিলা প্ৰশাসনে হেল্পলাইন নম্বৰ মুকলি কৰিছে। কৃত্ৰিম বানত আৱদ্ধ হৈ থকা বা আন যিকোনো সহায়ৰ বাবে মহানগৰবাসীয়ে নিয়ন্ত্ৰণ কক্ষৰ ৯৩৬৫৪২৯৩১৪ (9365429314) নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে ।
নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্ট কৃত্ৰিম বানৰ বাবে গুৱাহাটীৰ কেইবাখনো বিদ্যালয়ে আজি বন্ধৰ ঘোষণা কৰে । আজি চানমাৰিৰ কৃষ্ণনগৰৰ হলীচাইল্ড স্কুল বন্ধ বুলি বিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰিছে। লগতে, গুৱাহাটীৰ ছেইণ্ট মেৰিজ স্কুল, সাতগাঁৱৰ এচএফএছ স্কুল বন্ধৰো ঘোষণা কৰা হৈছে। ইয়াৰোপৰি, মহানগৰীৰ কেইবাখনো বিদ্যালয়ৰ ছমহীয়া পৰীক্ষা বাতিল কৰা হৈছে।
অনিল নগৰ, নবীন নগৰ, জু-ৰোডকে ধৰি কাহিলীপাৰা, হাতীগাঁও, জটিয়া চানমাৰি ,নাৰেংগী আদি অঞ্চলটো কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ ৰুক্মিণীগাঁও, ভিআইপি ৰোড, ওদালবাক্ৰাতো কৃত্ৰিম বানৰ সমস্যাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰষুণৰ পানীৰ লগতে নলাৰ গেলা পানীৰে মহানগৰৰ ৰাস্তা-ঘাট আদি প্লাৱিত হৈ পৰিছে ৷