বিভিন্ন ওজৰ আপত্তি তথা বিতর্ক সত্বেও শিক্ষাসেতু এপত শিক্ষক আৰু শিক্ষার্থীৰ উপস্থিতি নিশ্চিত কৰিবলৈ নির্দেশ দিয়া হৈছে ৷ ইতিমধ্যে তিনি অক্টোবৰৰ পৰা ইয়াক বাধ্যতামূলক কৰা হৈছে ৷ এইক্ষেত্ৰত কঠোৰ হৈছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ আজি শিক্ষাসেতু এপত একাংশ শিক্ষকৰ অনুপস্থিতি দেখি তদন্তৰো নির্দেশ দিছে ৰণোজ পেগুৱে ৷ বৰেপটা জিলাৰ শিক্ষকৰ অনুপস্থিতিৰ বাবে তেওঁ এই তদন্তৰ নির্দেশ দিছে ৷ ছছিয়েল মিডিয়াযোগে এই কথা সদৰী কৰিছে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷
এই প্ৰসংগত আজি ডাঃ পেগুৱে কয় –“আজি মই বৰপেটা জিলা ভ্ৰমণলৈ আহিছোঁ। জিলাখনত ২০৬৭খন বিদ্যালয় আছে, ১১,৭৫৮গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ২,৭৬,৮৩৩ ছাত্ৰ-ছাত্ৰী আছে। শিক্ষা সেতুৰ তথ্য মতে আজি জিলাখনৰ ১০,৫৯৩গৰাকী শিক্ষক-শিক্ষয়িত্ৰী বিদ্যালয়ত উপস্থিত আছে। অৰ্থাৎ ১১৬৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী অনুপস্থিত থকা পৰিলক্ষিত হৈছে। এই অনুপস্থিতিৰ কাৰণ অনুসন্ধান কৰিবলৈ জিলা শিক্ষা বিভাগক নিৰ্দেশনা দিওঁ।“