ৰেভপাৰ্টিত ক’কেইনকে ধৰি নিষিদ্ধ নিচাযুক্ত সামগ্ৰী ব্যৱহাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বললিডৰ কিং শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান সম্প্ৰতি আছে এন চি বিৰ জিম্মাত। অহা ৭ অক্টোবৰলৈ এনচিবিৰ জিম্মাত থাকিবলগীয়া আৰিয়ানক খাবলৈ দিয়া হৈছে ৰেষ্টুৰেণ্টৰ খাদ্য। ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি এনচিবিৰ কাৰ্যালয়ৰ সমীপৰ নেচনেল হিন্দু ৰেষ্টুৰেণ্টৰ পৰা আনি খাদ্য প্ৰদান কৰা হৈছে কিং খানৰ পুত্ৰক। যিহেতু কাৰ্যালয়তোৰ ভিতৰত ঘৰৰ পৰা খাদ্য আনিবলৈ অনুমতি প্ৰদান কৰা নহয়। আনহাতে, জিম্মাত থকা সময়ত আৰিয়ানক দিয়া হৈছে বিজ্ঞানৰ কিতাপ। আৰিয়ানে বিচৰা বাবেই এই কিতাপ তেওঁক প্ৰদান কৰা হৈছে।
একে সময়ততে আৰিয়ান আৰু আন অভিযুক্তৰ মোবাইল ফোন ফৰেনচিক পৰীক্ষাৰ বাবে গান্ধীনগৰ পাৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে।
পূৰ্বে আদালতত এনচিবিযে প্ৰকাশ কৰিছিল যে আৰিয়ানৰ হোৱাতছআপত বহুতো অপত্তিজনক তথ্য লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চক্ৰৰ সৈতে জড়িত থকা বুলি এনচিবিয়ে আদালতত প্ৰকাশ কৰিছিল।