ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰবিবাৰে বলিউড তাৰকা শ্বাহৰুখ খানৰ ২৩বছৰীয়া পুত্ৰ আৰয়ান খানকে ধৰি মুনমুন ধমেশা, অভিনেতা আৰবাজ মাৰ্চেন্ট, ইস্মিট সিং, মোহক জশোৱাল, গোমিট চোপ্ৰা, নুপুৰ চৰিকা আৰু বিক্ৰান্ত চোকৰক মুম্বাই ক্ৰুজৰ পৰা আটক কৰে।
আটক কৰাৰ সময়ত আৰক্ষীৰ দ্বাৰা ১৩ গ্ৰাম কোকেইন,৫ গ্ৰাম এম. ডি. এম. এ. পিল,২১গ্ৰাম চৰচৰ লগতে প্ৰায় ১লাখ ৩০হাজাৰতকৈও অধিক টকা জব্দ কৰা হয়।
এন. চি. বি. ৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়া মতে এন. ডি. পি. এচ. এক্টৰ ২৭নং ধাৰা অনুসৰি ড্ৰাগছ সেৱনকাৰী আৰয়নৰ সৰ্বাধিক কাৰাদণ্ডৰ সময়সীমা এবছৰ হোৱাৰ লগতে সৰ্বাধিক জৰিমনা হ’ব পাৰে মাত্ৰ ২০০০০টকা ।
বৰ্তমান আৰয়ান খানক সাত দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছে।
চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানক গ্ৰেপ্তাৰৰ লগে লগে অনুৰাগীসকলে #we stand with SRK বুলি এক আন্দোলনৰ সৃষ্টি কৰে। যাক কেন্দ্ৰ কৰি সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
জোৰ যাৰ মোলোক তাৰ কথাষাৰ পুনৰ প্ৰমাণ হ’ব নেকি নে দোষীয়ে উচিত শাস্তি লাভ কৰিব এই লৈ মানুহৰ মনত প্ৰশ্ন উত্থাপন হৈছে।