বিগত ২৪ ঘন্টাত দেশত মুঠ ১৮,৩৪৬ জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। যোৱা ২০৯ দিনৰ ভিতৰত এয়া হৈছে আটাইতকৈ সৰ্বনিম্ন। বিগত ২৪ ঘণ্টাত কোভিডত মৃত্যুবৰণ কৰিছে ২৬৩জনে। বৰ্তমান দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ২,৫২,৯০২জন লোক। আনহাতে ৰাষ্ট্ৰীয় সুস্হতাৰ হাৰ হৈছে ৯৭.৯৩শতাংশ।যোৱা ২৪ ঘণ্টাত মুঠ ২৯,৬৩৯ জন লোক সুস্থ হৈছে। ইপিনে কালি ৰাজ্যত মুঠ ৩৩৩জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। আক্ৰান্ত সকলৰ ভিতৰত সৰ্বাধিক ৬৯ জন গুৱাহাটীৰ। কালি কোভিডত মৃত্যু ঘটিছে ৯জন লোকৰ। মুঠ ৫০,৪২৪ টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।সুস্হতাৰ হাৰ হৈছে ৯৮.৩৩ শতাংশ। উল্লেখযোগ্য যে ভাৰতৰ ৭০ শতাংশ প্ৰাপ্তবয়স্ক লোকক ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰে ২৫ শতাংশই লাভ কৰিছে ভেকচিনৰ দুয়োটা পালি। বৰ্তমানলৈ দেশত ৯১.৫৪ কোটি ভেকচিনৰ পালি বিতৰন কৰা হৈছে।আনহাতে ওনাম উৎসৱৰ পাছত কভিডৰ ব্যাপক সংক্ৰমণ ঘটা কেৰেলাত ক্ৰমান্বয়ে আক্ৰান্তৰ হাৰ হ্ৰাস পাইছে। কালি কেৰেলাত ৮,৮৫০ জন লোক কোভিডত আক্ৰান্ত হৈছে।