বৃহস্পতিবাৰে পুৱা মাউণ্ট এভাৰেষ্ট জয় কৰিলে হাজোৰ বাসিন্দা অসম সন্তান হেদায়েত আলীয়ে ৷ হেদায়েত বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ বাসিন্দা ৷
আজি পুৱা প্ৰায় ৭.৩০ বজাত মাউণ্ট এভাৰেষ্টৰ শীৰ্ষত উপনীত হয় পৰ্বতাৰোহী জন৷ অসম সন্তান হেদায়েত আলী মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা অসমৰ সপ্তম গৰাকী পৰ্বতাৰোহী।আলীয়ে লুকলাৰ পৰা এভাৰেষ্ট বেচ কেম্পলৈ ট্ৰেকিং আৰম্ভ কৰিছিল। পৰ্বতাৰোহীৰ উপৰিও তেওঁ কেলিফৰ্ণিয়াৰ এজন ছফ্টৱেৰ অভিযন্তা।তেওঁ ইউৰোপৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এলব্ৰাছ, ২০১৯ চনত মাউণ্ট আকনোগুয়া আৰু ২০১৮ চনত আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ মাউণ্ট কিলিমাঞ্জাৰো আৰোহণ কৰিছিল।
তেওঁৰ এই সফলতাত গৌৱৰান্বিত সমগ্ৰ অসমবাসী ৷ আলীয়ে আন ১১ জন পৰ্বতাৰোহীৰ সৈতে এটা আন্তৰ্জাতিক দলত শৃংগ আৰোহণ কৰিছিল।মাউণ্ট এভাৰেষ্টলৈ এইটো ঋতুৰ ই আছিল প্ৰথমটো অভিযান।