জালুকবাৰীত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত ৭ জন অভিযান্ত্ৰিক ছাত্ৰ নিহত হোৱাৰ ঘটনাই ৰাজ্যজুৰি শোকৰ ছা পেলাইছে ৷ এই দূর্ঘটনাত গুৰুতৰভাৱে আহত হৈছে শিক্ষার্থীয়ে চলাই অহা স্ক’ৰপিঅ’ বাহনে খুন্দা মৰা ডি আই বাহনখনৰ চালক ৷ সম্প্ৰতি চালকসহ বাহনখনত থকা দুয়োজন লোক জিএমচিএইচত চিকিৎসাধীন হৈ আছে ৷
দূর্ঘটনাগ্ৰস্ত ডি আই বাহনখনৰ আহত আৰোহীকেইজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰে একাংশ শিক্ষার্থী ৷ একাংশ ছাত্ৰই দুৰ্ঘটনাগ্ৰস্ত এই ভানআৰোহী কেইজনৰ বাবে সাহায্য সংগ্ৰহ কৰিছে। মাথোঁ এদিনতে তেওঁলোকে সংগ্ৰহ কৰিছে ৩ লক্ষাধিক টকা।ইতিমধ্যে শিক্ষার্থীসকলে আহতকেইজনৰ পৰিয়ালক এই সাহায্য প্ৰদান কৰিছে । ছাত্ৰ কেইজনৰ এই মানৱিক প্ৰচেষ্টা আৰু মহানুভৱতাক সকলোৱে শলাগ লৈছে ৷